Home ENTERTAINMENT শুকান বতৰত ছাল-চুলিৰ কেনেদৰে যত্ন ল’ব?
ENTERTAINMENT

শুকান বতৰত ছাল-চুলিৰ কেনেদৰে যত্ন ল’ব?

Share
শুকান বতৰত ছাল-চুলিৰ কেনেদৰে যত্ন ল'ব?
Share

যিহেতু বৰ্তমান বসন্তৰ দিন, আপোনাৰ ছাল আৰু চুলিৰ যতন লোৱাটো অতিকৈ আৱশ্যক। আপোনাৰ ছাল মসৃণ আৰু সতেজ কৰি ৰাখিবলৈ প্ৰতিদিনে কিছু নিয়ম মানি চলক। বতৰৰ শাক-পাচলিৰ লগতে ফল-মূলৰ ৰস, চৰবত আদি সেৱন কৰক।

ছালৰ বাবেঃ

  • এনে শুকান বতৰত ছালখন সতেজ আৰু আৰ্দ্ৰ কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী খাওক। লগতে প্ৰচুৰ এণ্টি অক্সিডেণ্ট, ভিটামিন চি, প্ৰটিন থকা খাদ্য ব্যৱহাৰ কৰক।
  • ছালখনক শুষ্কতা নাশ কৰিবলৈ কেঁচা গাখীৰ ব্যৱহাৰ কৰিব পাৰে। কেঁচা গাখীৰে ক্লিনজিঙৰ কাম কৰে। কেঁচা গাখীৰেৰে ছালখন পৰিষ্কাৰ কৰি বিলাহী এটাৰ ভিতৰৰ অংশখিনি ছালত ১০ মিনিটৰ বাবে লগাই ৰাখক আৰু পাছত ঠাণ্ডা পানীৰে ধুই দিয়ক।
  • বেচন, গাখীৰ, মৌ আৰু হালধি মিহলি মিশ্ৰণো ছালত লগাব পাৰে। ইয়ে ছালৰ মৃত কোষবোৰ আঁতৰাই ছালখন উজ্জল কৰি তুলিব।
  • নিশা শোৱাৰ আগত মুখ-হাত ধুই নাৰিকলৰ তেল লগাই থওক। ই ছালখনৰ শুষ্কতা নাশ কৰি আৰ্দ্ৰতা বজাই ৰাখিব।

চুলিৰ বাবেঃ

  • চুলিৰ স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত চুলি পৰিষ্কাৰ কৰি ৰাখক। ছেম্পু কৰাৰ আগত এঘণ্টাৰ বাবে তেল লগাওক। তাৰ পাছত ধুই দিয়ক।
  • সপ্তাহত বা ১৫ দিনৰ মূৰে মূৰে হেনা অথবা জেতুকা লগাওক। হেনা বা জেতুকাৰ সৈতে কণী এটা ফেটি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰি হেনাৰ সৈতে নাৰিকলৰ তেল ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়।
  • উফিৰ সমস্যা থাকিলে ছেম্পু কৰাৰ পাছত নেমু এফাল চেপি চেকি লৈ আধা লিটাৰ পানীত মিহলি কৰি চুলিখিনি ধুই দিয়ক। উফিৰ পৰা শীঘ্ৰেই পৰিত্ৰাণ পাব।
শুকান বতৰত ছাল-চুলিৰ কেনেদৰে যত্ন ল'ব?
Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *