Home ASSAM অসমবাসীয়ে লাভ কৰিলে অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান: শিখনা জ্হৱলাও ৰাষ্ট্ৰীয় উদ্যান স্থাপনৰ অনুমোদন
ASSAMNORTH EAST

অসমবাসীয়ে লাভ কৰিলে অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান: শিখনা জ্হৱলাও ৰাষ্ট্ৰীয় উদ্যান স্থাপনৰ অনুমোদন

Share
অসমবাসীয়ে লাভ কৰিলে অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান: শিখনা জ্হৱলাও ৰাষ্ট্ৰীয় উদ্যান স্থাপনৰ অনুমোদন
Share

অসমৰ জীৱ-বৈচিত্র্য সংৰক্ষণৰ ক্ষেত্ৰত এক সুবৰ খবৰ আহিছে। ১৬ ফেব্ৰুৱাৰীত ৰাজ্যিক মন্ত্রীসভাই শিখনা জ্হৱলাও ৰাষ্ট্ৰীয় উদ্যান স্থাপনৰ অনুমোদন জনাইছে, যাৰ ফলত অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৮ খনলৈ বৃদ্ধি পাব। এই পদক্ষেপৰ দ্বাৰা অসমে মধ্যপ্ৰদেশৰ পিছত দ্বিতীয় স্থান লাভ কৰিব, মধ্যপ্ৰদেশত বৰ্তমান ১০ খন ৰাষ্ট্ৰীয় উদ্যান আছে।

নৱগঠিত শিখনা জ্হৱলাও ৰাষ্ট্ৰীয় উদ্যানখন ৩১৬.২৯ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত হ’ব, যি কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ভিতৰত ৰৈমনা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজত অৱস্থিত হ’ব। এই স্থানটোৰ অৱস্থান আৰু প্ৰাকৃতিক সৌন্দৰ্য্যই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব বুলি আশা কৰা হৈছে।

এই উদ্যানত বাঘ, হাতী, হৰিণ, গঁড়ৰ লগতে বেবেজীয়া, বনৰীয়া হ’গ, ক’লা ভালুক আদি বনৰীয়া জীৱ-জন্তু দেখা পোৱা যাব। লগতে, এই উদ্যান পখিলাৰ জীৱনৰ বাবে এক স্বৰ্গতুল্য স্থান হ’ব, কিয়নো ইয়াত বিভিন্ন প্ৰজাতিৰ পখী দেখা পোৱাৰ সম্ভাৱনা আছে।

শিখনা জ্হৱলাও ৰাষ্ট্ৰীয় উদ্যান স্থাপনে কেৱল জীৱ-বৈচিত্র্য সংৰক্ষণৰ ক্ষেত্ৰতে নহয়, বৰং পৰ্যটন আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নতো এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ এক পূৰ্ণ সম্ভাৱনা আছে । নতুন উদ্যানখন পৰ্যটক, গৱেষক, আৰু প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক আদৰ্শ তথা গন্তব্য স্হান হ’ব বুলি আশা কৰা হৈছে।

অসমৰ বাবে ই এক সুখবৰ কিয়নো এই ৰাষ্ট্ৰীয় উদ্যানখনত চিত্র্য সংৰক্ষণৰ ক্ষেত্ৰতে নহয় বৰঞ্চ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতো এক নতুন দিশ মুকলি কৰিব। শিখনা জ্হৱলাও ৰাষ্ট্ৰীয় উদ্যানৰ মাধ্যমেৰে অসমৰ পৰ্যটন উদ্যোগ আৰু সুৰক্ষিত পৰিৱেশ দুয়োটা সমৃদ্ধ হোৱাৰ আশা প্ৰকাশ কৰা হৈছে।

এই পদক্ষেপই অসমক জীৱ-বৈচিত্র্য সংৰক্ষণৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ উপৰিও ভাৰতৰ পৰ্যটনৰ মানচিত্ৰত এক নতুন স্থানত প্রতিষ্ঠা কৰিব।

অসমবাসীয়ে লাভ কৰিলে অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান: শিখনা জ্হৱলাও ৰাষ্ট্ৰীয় উদ্যান স্থাপনৰ অনুমোদন
Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *