ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সৈতে সঙ্গতি ৰাখি পৰীক্ষাৰ চাপ কমাবলৈ আৰু শিক্ষাৰ ক্ষেত্ৰত অধিক নমনীয়তা আনি শিক্ষাৰ্থী-কেন্দ্ৰিক পৰীক্ষা পদ্ধতি প্ৰৱর্তন কৰিবলৈ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE) য়ে বছৰত দুবাৰকৈ বৰ্ড পৰীক্ষা ল’ব বুলি ঘোষণা কৰিছে। এই সন্মন্ধে শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ আলোচনাৰ পিছতেই এই ঘোষণা কৰা হয়।
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সংবাদ মাধ্যমৰ আগত কয় যে, “শিক্ষা মানে পৰীক্ষাৰ চাপ নহয়, ই এক সুযোগ। বহুবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ পাঠ্যক্ৰম প্ৰৱর্তন কৰি আমি আগন্তুক প্ৰজন্মক দূৰদৰ্শী দিনৰ চেলেঞ্জসমূহৰ বাবে সাজু কৰি তুলিম।”
শীৰ্ষ শিক্ষা বিষয়াসকলৰ সৈতে হোৱা এক আলোচনা আৰু CBSEৰ অধ্যক্ষ আৰু স্কুল শিক্ষা সচিবৰ উপস্থিতিত এই প্ৰস্তাৱটো দাঙি ধৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক এটা পৰীক্ষাৰ ওপৰত নিৰ্ভৰ নকৰাকৈ বহুবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ প্ৰদান কৰি চাপ হ্ৰাস কৰা। আলোচনাৰ ভিত্তিত এখন খচৰা প’ৰ্টেলৰ জৰিয়তে শীঘ্ৰে জনমত গ্ৰহণৰ বাবে মুক্তি দিয়া হ’ব, যাৰ জৰিয়তে সকলো পক্ষৰ মতামত লৈ শেষ সিদ্ধান্তলৈ অনা হ’ব।
দুবাৰকৈ ব’ৰ্ড পৰীক্ষা কৰাৰ উপৰিও শিক্ষা মন্ত্ৰ্যালয়ে CBSE গ্ল’বেল পাঠ্যক্ৰম ২০২৬-২০২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে। ইয়াৰ মূল লক্ষ্য হৈছে বিদেশী ভাৰতীয় বিদ্যালয়সমূহত একে ধৰণৰ শিক্ষাৰ মানদণ্ড প্ৰৱৰ্তন কৰি ভাৰতৰ শিক্ষা প্ৰণালীক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডত উন্নীত কৰা। ইয়াৰ ফলত শিক্ষাৰ্থীসকলৰ বাবে বিশ্বব্যাপী শিক্ষাৰ সুযোগ আৰু চাকৰিৰ সম্ভাৱনাৱলী বঢ়াবলৈ সহায়ক হ’ব।
শিক্ষাবিদ আৰু অভিভাৱকসকলে এই দূৰদৰ্শী চিন্তাধাৰাক আগবঢ়াই শিক্ষাৰ্থীৰ মূল্যাংকনক অধিক সুষম আৰু সামগ্ৰিক পদ্ধতি প্ৰৱৰ্তনৰ আশা ব্যক্ত কৰিছে। শিক্ষা মন্ত্ৰণালয়ে শীঘ্ৰে এই বিষয়ে আলোচনাৰ নাজেৰে পৰৱৰ্তী পৰ্যায় আৰম্ভ কৰিব, যাৰ জৰিয়তে ভাৰতৰ শিক্ষা প্ৰণালীক ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰা হ’ব।

Leave a comment