Home ASSAM এডভান্টেজ আচামৰ বিকাশৰ বাৰ্তা ৰাইজক জ্ঞাত কৰোৱা দ্বায়িত্ব BJP  কাৰ্যকৰ্তাৰ: দিলীপ শ‌ইকীয়া
ASSAMBUSINESSNORTH EAST

এডভান্টেজ আচামৰ বিকাশৰ বাৰ্তা ৰাইজক জ্ঞাত কৰোৱা দ্বায়িত্ব BJP  কাৰ্যকৰ্তাৰ: দিলীপ শ‌ইকীয়া

Share
এডভান্টেজ আচামৰ বিকাশৰ বাৰ্তা ৰাইজক জ্ঞাত কৰোৱা দ্বায়িত্ব BJP  কাৰ্যকৰ্তাৰ: দিলীপ শ‌ইকীয়া
Share

“অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে আয়োজিত কৰা এডভান্টেজ আচাম 2.0 ৰ জৰিয়তে আগন্তুক সময়ত অসমলৈ বিকাশৰ বাৰ্তা কঢ়িয়াই আনিব,আৰু এই বাৰ্তা অসমৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ দ্বায়িত্ব ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ।”

 শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ মিডিয়া বিভাগ, সামাজিক মাধ্যম কোষ, তথ্য প্ৰযুক্তি কোষ, অৰ্থনীতি কোষ, বাণিজ্যিক কোষ,নীতি আৰু গৱেষণা বিভাগ তথা দলীয় মুখপাত্ৰ আৰু পেনেলিষ্ট সকলৰ সৈতে অনুষ্ঠিত হোৱা সভাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শ‌ইকীয়াই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক এই আহ্বান জনায়। প্ৰায় ২ লাখ কোটিতকৈ অধিক বিনিয়োগৰ আশাৰ বতৰা কঢ়িয়াই অনা এডভান্টেজ আচাম 2.0 ত ভাৰতৰ বিভিন্ন স্তৰৰ কেইবাটাও অগ্ৰণী ৰাষ্ট্ৰীয় বাণিজ্যিক সংস্থা, কোম্পানী, আগশাৰীৰ ব্যৱসায়ীৰ লগতে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সংস্থা, বিশিষ্ট ব্যৱসায়ীসকলৰ উপস্থিতিত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা এডভান্টেজ আচাম 2.0ৰ শুভ উদ্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

 এই অনুষ্ঠানৰ পূৰ্ব সন্ধিয়া অৰ্থাৎ ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত প্ৰায় ১০ হাজাৰ ঝুমুৰ শিল্পীৰ দ্বাৰা “ঝুমইৰ বিনন্দিনী” অনুষ্ঠানৰো উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। এই সন্দৰ্ভত শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা সভাখনত ৰাজ্যিক সভাপতি গৰাকীয়ে আটাইকেইটা বিভাগ আৰু কোষৰ সক্ৰিয়তাৰে সমগ্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে ব্যাপকভাৱে জনসাধাৰণৰ মাজলৈ এডভান্টেজ আচাম 2.0 ৰ বিষয়সমূহ লৈ যাবলৈ তৎপৰতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। সভাত ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস, দিপ্লুৰঞ্জন শৰ্মা,  পুলক গোহাঁই উপস্থিত থকা সভাখনৰ আঁত ধৰে ৰাজ্যিক মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই ।

এডভান্টেজ আচামৰ বিকাশৰ বাৰ্তা ৰাইজক জ্ঞাত কৰোৱা দ্বায়িত্ব BJP  কাৰ্যকৰ্তাৰ: দিলীপ শ‌ইকীয়া
Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *