কাঠফুলাক বিষাক্ত নেকি? কাঠফুলৈ খালে মানুহৰ অনিষ্ট কৰে নেকি? জানো আহক কাঠফুলাৰ গুণাগুণৰ বিষয়ে। কাঠফুলাক অধিকাংশ লোকে বিষাক্ত বুলি গণ্য কৰে আৰু খোৱাৰ পৰা বিৰত থাকে। কিন্তু আমি বহুতে ভৱাৰ দৰে সকলো কাঠফুলা বিষাক্ত নহয়। খাদ্যৰ বাবে উপযোগী কাঠফুলাবোৰ প্ৰকৃততে উচ্চ পুষ্টি গুণসম্পন্ন।
কাঠফুলা হৈছে ভিটামিন ডি-ৰে ভৰপূৰ। ১০০ গ্রাম কাঠফুলাত ১০ এমচিজিলৈকে ভিটামিন ডি ২ৰ স্তৰ থাকে।
ইয়াৰ উপৰি কাঠফুলাত চেলেনিয়াম নামৰ এক শক্তিশালী এন্টিঅক্সিডেন্টো থাকে যি ৰোগ প্ৰতিৰোধ প্ৰণালী সুস্থিৰ কৰাৰ লগতে কোষ আৰু কোষকলাৰ ক্ষতি প্রতিহত কৰাত সহায় কৰে।
আলঝেইমাৰৰ বাবে যথেষ্ট উপকাৰী খাদ্য হৈছে কাঠফুলা। ঔষধি কাঠফুলা নিউৰোডিজেনাৰেটিভ ৰোগৰ চিকিৎসাত ব্যৱহৃত হয়।
কাঠফুলাত থকা থেৰাপিউটিক গুণে কলেষ্ট’ৰেল হ্রাস কৰাত সহায় কৰে।
বিটা গ্লুকেনকে ধৰি কাঠফুলাৰ যৌগবোৰে প্রাকজৈৱিক হিচাপে কাম কৰে। ইয়াৰ ফলত অন্ত্ৰৰ উপকাৰী বেক্টেৰিয়াৰ লগতে অন্ত্ৰৰ অনুকূল পৰিৱেশ বৃদ্ধি হয়।

Leave a comment