মাত্ৰ কেইটামান ঘৰুৱা, সহজতে পোৱা খাদ্যবস্তুৰে নাইকিয়া কৰক কিডনী পাথৰৰ সমস্যা। হাস্পতালত লাখে লাখে টকা খৰচ কৰাৰ বিপৰীতে অতি সহজতে সুফল পাব এইকেইটা বস্তুৰে। কিডনী হৈছে আমাৰ শৰীৰৰ অপৰিহাৰ্য অংগ। এখন চেকনীয়ে যিদৰে লাগতীয়াল খাদ্যবস্তুখিনি চেকি আমাৰ তাক খোৱাৰ উপযোগী কৰি তোলে, ঠিক সেইদৰে কিডনীয়েও আমাৰ শৰীৰত এখন চেকনীৰ দৰে কাম কৰে। লাগতীয়াল খাদ্যবস্তুখিনি সংৰক্ষণ কৰি অপকাৰী খাদ্যবস্তুখিনি প্ৰস্ৰাৱৰ মাধ্যমেৰে বাহিৰ কৰি দিয়ে। কেতিয়াবা তাৰেই কিছু অৱশিষ্ট অংশ কোনো কাৰণত কিডনীত জমা হৈ ৰৈ যায়। পৰৱৰ্তী সময়ত সিয়েই হয় কিডনী পাথৰ বা ষ্টোন। তলত দিয়া এইকেইটা টেঙাজাতীয় ফল সেৱন কৰি কিডনীৰ এই সমস্যা দূৰ কৰিব পাৰে।
(১) নেমুৰ চৰ্বত
কাজিনেমু, গোলনেমুৰ চৰ্বতে কিডনীৰ পাথৰৰ সমস্যা দূৰ কৰাত সহায় কৰে। কিয়নো নেমুত থকা প্ৰচুৰ পৰিমাণৰ চি ভিটামিনে কিডনীত জমা হোৱা ক্ষতিকাৰক পদাৰ্থসমূহ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰি দিয়ে।
(২) মৌচুমী চর্বত
মৌচুমী চর্বতেও কিডনীৰ পাথৰৰ সমস্যা নোহোৱা কৰে। ইয়াত থকা ভিটামিন চি, ভিটামিন, পটাছিয়াম আৰু নানানবিধ শৰীৰৰ বাবে উপকাৰী খনিজ পদার্থই কিডনীক সুৰক্ষা প্ৰদান কৰে।
(৩) মধুৰীৰ চৰ্বত
মধুৰীৰ চৰ্বতৰ দ্বাৰা খুব সহজেই কিডনীৰ পাথৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। মধুৰীত বহু পৰিমাণে ভিটামিন চি এন্টি অক্সিডেন্টে এই সমস্যা দূৰ কৰে।
(৪) বিলাহীৰ চৰ্বত
বিলাহীত অনেক পৰিমাণে বিটা কেৰ’টিন পোৱা যায়। তদুপৰি এইবিধ খাদ্য সামগ্রীত থাকে ভিটামিন চি। এই সকলো মিলি কিডনীত ষ্টোন হোৱাত বাধা জন্মায়।
(৫) কমলা চর্বত
ভিটামিন চিৰে সমৃদ্ধ কমলাত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্টো উপলব্ধ। ইও কিডনীৰ ষ্টোনৰ সমস্যা নাইকিয়া কৰে।

Leave a comment