আজি মাজনিশা ঘোষণা হ’ব ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল। নিশা ১২ বজাত ৱেবছাইটযোগে প্ৰাৰ্থীয়ে লাভ কৰিব পৰীক্ষাৰ ফলাফলসমূহ। আবেদন নম্বৰ আৰু পাছৱৰ্ড দিলেই প্ৰাৰ্থীয়ে লাভ কৰিব ৰিজাল্ট। প্ৰাৰ্থীসকলে নিজৰ ফলাফল চাবলৈ SLRC অফিচিয়েল ৱেবছাইটত ক্লিক কৰিব পাৰে। তৃতীয় শ্ৰেণীৰ ফলাফল slrcg3.sebaonline.org আৰু assam.gov.in ত উপলব্ধ হোৱাৰ বিপৰীতে চতুৰ্থ শ্ৰেণীৰ ফলাফল slrcg4.sebaonline.org আৰু অসম ৰাজ্যিক পৰ্টেলত প্ৰকাশ পাব।
ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে (SLRC) ঘোষণা কৰিব অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অৰ্থাৎ ADREৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে জনোৱা অনুসৰি এটা পদৰ বিপৰীতে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’ব। তাৰ পাছত মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব। পৰৱৰ্তী সময়ত প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব।
ADREৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে অনুসৰণ কৰক-
*গ্ৰেড ৩ৰ বাবে- slrcg3.sebaonline.org ৱেবছাইট
*গ্ৰেড 4ৰ বাবে- slrcg4.sebaonline.orgৰ অফিচিয়েল ৱেবছাইট
*হোম পেজত ADRE গ্ৰেড 3 বা গ্ৰেড 4 ৰ ফলাফল লিংকত ক্লিক কৰক।

Leave a comment