Home INDIA মহাকাশত ইতিহাস ৰচি ধৰালৈ উভতিল সুনীতা উইলিয়ামছ
INDIA

মহাকাশত ইতিহাস ৰচি ধৰালৈ উভতিল সুনীতা উইলিয়ামছ

Share
মহাকাশত ইতিহাস ৰচি ধৰালৈ উভতিল সুনীতা উইলিয়ামছ
Share

মহাকাশত ইতিহাস ৰচি ধৰালৈ উভতিল সুনীতা উইলিয়ামছ আৰু বেৰী উইলমোৰ।  মহাকাশত ৯ মাহে ইতিহাস ৰচি আজি পুৱতি নিশা আপোন ভূমিত উপস্থিত হ’ল দুয়োগৰাকী মহাকাশচাৰী।

মাত্ৰ ৯ দিনৰ বাবে মহাকাশৰ পৰীক্ষা আৰু গৱেষণা কৰিবলৈ যোৱা দুয়োগৰাকী মহাকাশচাৰী অনিশ্চিত ভৱিষ্যতক মনতে সামৰি মহাকাশৰ আকণ্ঠ অন্ধকাৰত ডুবি আছিল প্ৰায় ১০ মাহ সময়। এই সময়ছোৱাত দুয়োগৰাকী মহাকাশচাৰীয়ে সন্মুখীন হ’বলগীয়া হৈছিল ভিন্ন ধৰণৰ পৰিস্থিতিৰ। এই মিছনটো নাছাৰ নেতৃত্বত অনুষ্ঠিত হৈছিল, য’ত সুনীতা উইলিয়ামছ আৰু বেৰী উইলমোৰে বিভিন্ন মহাকাশ পৰীক্ষা আৰু গৱেষণাত অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ মিছনে বিশ্বব্যাপী মহাকাশৰ অন্বেষণ আৰু গৱেষণাত গুৰুত্বপূর্ণ অৱদান আগবঢ়াইছে।

সফলভাবে এই মিছনটো সম্পূৰ্ণ কৰাৰ পিছত সুনীতা আৰু বেৰী এতিয়া পৃথিৱীলৈ উভতি আহিছে, যিয়ে তেওঁলোকৰ কৰ্মজীৱনত নতুন অভিজ্ঞতা লাভ কৰিছে। ইতিমধ্যে সুনীতা উইলিয়ামছ আৰু বেৰী উইলমোৰে কেইবাটাও মহাকাশ মিছন সম্পূৰ্ণ কৰিছে।

তেওঁলোকৰ সফল মিছনটো মহাকাশ ভ্ৰমণৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে চিহিনিত হ’ব আৰু ভবিষ্যতে হ’বলগীয়া মহাকাশ অভিযানসমূহক অনুপ্ৰাণিত কৰিব।

মহাকাশত ইতিহাস ৰচি ধৰালৈ উভতিল সুনীতা উইলিয়ামছ

Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *