Home General ঋতুস্ৰাব আৰু সামাজিক দৃষ্টিভংগীৰ বিষয়ে আপুনি জানেনে ?
General

ঋতুস্ৰাব আৰু সামাজিক দৃষ্টিভংগীৰ বিষয়ে আপুনি জানেনে ?

Share
ঋতুস্ৰাব আৰু সামাজিক দৃষ্টিভংগীৰ বিষয়ে আপুনি জানেনে ?
Share

মহিলাৰ স্বাস্থ্য সংক্ৰান্ত বিষয় বিশেষকৈ ঋতুস্ৰাব, পলিচিষ্টিক ওভেৰী সিন্ড্ৰোম (PCOS), আৰু মেন’পজক কেন্দ্ৰ কৰি বহুতো সমস্যাৰো সৃষ্টি হৈ আহিছে । যি বিশ্বজুৰি লাখ লাখ মহিলাৰ জীৱনকো বৰ্তমান প্ৰভাৱিত কৰি আহিছে। চিকিৎসা বিজ্ঞানৰ প্ৰগতিৰ পিছতো বৰ্তমান আমাৰ সমাজত এই স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়াবোৰ লৈ সঠিক জ্ঞান আৰু স্বাস্থ্যসেৱাৰ অভাৱ দেখা পোৱা যায়।

বিশ্ব স্বাস্থ্য সংস্থাৰ এটা সাম্প্ৰতিক প্ৰতিবেদন অনুসৰি বিশ্বজুৰি প্ৰায় ১০ জনত এজনী মহিলাই PCOS-ত ভুগে, আৰু প্ৰায় ৫০০ নিযুত মহিলাই সঠিক ঋতুচক্র স্বাস্থ্য সুৰক্ষাৰ সুবিধা লাভ কৰিব পৰা নাই। ইয়াৰ উপৰিও মেন’পজ যি প্ৰতিটো মহিলাৰ জীৱনৰ এক প্ৰাকৃতিক অৱস্থা যি সঠিক আৰু শুদ্ধ ৰূপত নহলে মানসিক স্বাস্থ্য আৰু জীৱনৰ গুণগত মানদণ্ডও কমি যায়।

বিশেষজ্ঞসকলে কয় যে ইয়াৰ বাবে সৰ্বাত্মক শিক্ষা, খোলা আলোচনা, আৰু উন্নত স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ গাইন’কলজিষ্ট ডঃ অঞ্জলী শৰ্মাই কয়, “ঋতুচক্রৰ স্বাস্থ্য কেৱল পৰিষ্কাৰতাৰ বিষয়ে নহয়; ই গৰিমা আৰু সমতাৰ সৈতে জড়িত। ইয়াৰ বিষয়ে বিদ্যালয়, কাৰ্যালয় আৰু ঘৰত মুকলিকৈ আলোচনা আৰম্ভ কৰা উচিত।”

PCOS আৰু মেন’পজৰ ক্ষেত্ৰত সঠিক জ্ঞানৰ অভাৱৰ বিষয়ে বিশেষজ্ঞসকলে সতৰ্ক কৰিছে। যদিও বিদ্যালয়সমূহত এতিয়া ঋতুচক্রৰ স্বাস্থ্য বিষয়ক শিক্ষা সন্নিবিষ্ট কৰা হৈছে, তথাপি PCOS আৰু মেন’পজৰ দৰে গুৰুত্বপূর্ণ বিষয়সমূহ উপেক্ষা কৰা হৈছে। লগতে বিভিন্ন মাধ্যমসমূহৰ উপস্থাপনেয়ো সমাজৰ ধাৰণাবোৰক গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত কৰে। মহিলা বা নাৰীৰ সজাগতা আৰু সংবেদনশীল ক্ষেত্ৰত প্ৰয়োজনত ৰাইজকো জড়িত কৰাটো অত্যন্ত প্ৰয়োজনীয়।

ইয়াৰ বাবে স্বাস্থ্য সেৱা প্ৰদানকাৰী, শিক্ষক, সংবাদ মাধ্যম, আৰু পৰিয়ালসমূহে একেলগে কাম কৰাৰ প্ৰয়োজন। জনসচেতনতা অভিযান, উন্নত চিকিৎসা সুবিধা, আৰু সমৰ্থককাৰী গোটৰ সৃষ্টি কৰিলে মহিলাসকলে বিনা সংকোচে সমাজত আগবাঢ়ি যাবলৈ উৎসাহিত হ’ব।

মহিলাৰ স্বাস্থ্যক লৈ আলোচনা যিমান বঢ়িব, সিমানেই ঋতুচক্র, PCOS, আৰু মেন’পজক স্বাভাৱিকভাৱে গ্ৰহণ কৰা আৰু মুকলি আলোচনা কৰা পৰিৱেশৰ সৃষ্টি হ’ব। এইদৰে আগবাঢ়িলে মহিলাসকলৰ স্বাস্থ্য আৰু জীৱনৰ গুণগত মান উন্নত হোৱাৰ আশা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।

ঋতুস্ৰাব আৰু সামাজিক দৃষ্টিভংগীৰ বিষয়ে আপুনি জানেনে ?
Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *