অনেকৰে বিশ্বাস যে দৈনিক প্ৰাতঃভ্ৰমণ কৰিলে ওজন কমি যায়, এই চিন্তাধাৰাৰে বহুতে শৰীৰচর্চা নকৰাকৈ কেৱল খোজকাঢ়াত মনোনিৱেশ কৰে। কিন্তু প্ৰশ্নটো হৈছে—খোজকাঢ়িলেই ওজন কমেনে? বাস্তৱতে, খোজকাঢ়াটো শৰীৰৰ বাবে উপকাৰী, কিন্তু ইয়াৰ ফলাফল লাভ কৰিবলৈ বিশেষ সময় আৰু নিয়ম অনুসৰণ কৰাটো অতীব প্ৰয়োজনীয়। সঠিক নিয়ম মানিলে ওজন সহজে হ্ৰাস কৰিব পাৰি।
শৰীৰ সুস্থ ৰাখিবলৈ চিকিৎসকসকলে নিতৌ খোজকাঢ়াৰ পৰামৰ্শ দিয়ে। ই কেৱল শৰীৰক সক্ৰিয় কৰি ৰাখে এনে নহয়, মানসিক চাপ কমাবলৈও সহায় কৰে। বিশেষকৈ, প্রকৃতিৰ সান্নিধ্যত কিছু সময় খোজকাঢ়িলে মন আৰু শৰীৰ দুয়োটাই সৰহভাগ উপকৃত হয়। কিন্তু, ওজন হ্ৰাসৰ বাবে কেৱল অধিক খোজকাঢ়িলেই হ’ব বুলি ধাৰণা কৰা ভুল। সঠিক সময়ত আৰু সঠিক নিয়মত খোজকাঢ়াটোৱে যথাযথ উপকাৰ যোগায়।
বিশেষজ্ঞসকলৰ মতামত:
পেট ভৰ্তি খোৱাৰ পিছত দহ মিনিট খোজকাঢ়াটো সাধাৰণ প্ৰাতঃভ্ৰমণতকৈ অধিক উপকাৰী।
কিছুমানৰ ধাৰণা অনুসৰি, ওজন কমাবলৈ দৈনিক দহ হাজাৰ খোজকাঢ়াটো বাধ্যতামূলক। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ই কোনো স্থিৰ নিয়ম নহয়। পৰিবৰ্তে, খোৱাৰ পিছত দহৰ পৰা পোন্ধৰ মিনিট খোজকাঢ়াটোৱেই অধিক ফলপ্ৰসূ। ই হজম শক্তি বৃদ্ধিত সহায় কৰে আৰু শৰীৰত মেদ জমা নোহোৱাকৈ ৰাখে। লগতে, তেজত চেনিৰ পৰিমাণো নিয়ন্ত্ৰণত থাকে।
খোৱাৰ পিছত খোজকাঢ়াৰো সঠিক নিয়ম আছে। কিছুমান লোকে খোৱাৰ লগে লগে বেগেৰে পোন্ধৰৰ পৰা ত্রিশ মিনিট খোজকাঢ়ে, যাৰ ফলত পেটত অস্বস্তি হয়। সেয়ে, সঠিক উপায় হ’ল—প্ৰথমে পাঁচ মিনিট খোজকাঢ়ি অলপ বিৰতি লওক, পৰৱৰ্তী সময়ত পানী খাই আকৌ খোজকাঢ়া অব্যাহত ৰাখক।
এই নিয়ম অনুসৰণ কৰিলে শৰীৰ সুস্থ থাকিব, মানসিক চাপ হ্ৰাস পাব আৰু অতিৰিক্ত ওজন কমাত সহায় কৰিব।

Leave a comment