তিব্বতৰ হিমবাহৰ পৰা উদ্ভৱ হোৱা আৰু অৰুণাচল প্ৰদেশ পাৰ হৈ অসমত ব্ৰহ্মপুত্ৰৰ লগত মিলি ত হোৱা চিয়াং নদী অঞ্চলটোৰ বাবে এক জীৱন ৰেখা স্বৰূপ। ইয়াৰ পৰিস্কাৰ পানীয়ে বিভিন্ন পৰিসৰত আমাৰ থলুৱা কৃষকসকলক সহায় কৰে, কৃষিক সমৰ্থন কৰে আৰু লগতে স্থানীয় জনগোষ্ঠীক খোৱাৰ পানী যোগান দিয়ে। এই নদীখনে স্থানীয় জনজাতি সমূহৰ বাবে গভীৰ সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰাসংগিকতা বহন কৰে, যিসকল প্ৰজন্মৰ পৰম্পৰাৰ সৈতে ইয়াৰ সম্পদৰ ওপৰত নিৰ্ভৰশীল।
কিন্তু বিগত কিছুবছৰ ধৰি চিয়াং নদীয়ে গুৰুত্বপূর্ণ পৰিৱেশগত সমস্যাৰ সন্মুখীন হৈছে। স্থানীয় বাসিন্দাসকলে পানীৰ ৰঙত অস্বাভাৱিক পৰিৱৰ্তন হ’বলৈ ধৰিছে, যাৰ ফলত জল প্ৰদূষণৰ আশংকা দেখা দিছে। পৰিৱেশ বিজ্ঞানীসকলে সন্দেহ প্ৰকাশ কৰিছে যে চীন দেশে নিৰ্মান কৰি থকা নিৰ্মাণ কাৰ্য আৰু বননিচ্ছেদৰ বাবে এই প্ৰদূষণ হ’ব পাৰে, যাৰ ফলত জলজ জীৱ আৰু জনস্বাস্থ্য বিপন্ন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
এই সঙ্কটৰ মাজতে চিয়াং নদীত প্ৰস্তাৱিত বৃহৎ জলবিদ্যুৎ প্ৰকল্পসমূহে দেশত বহুতো সময়ত ব্যাপক প্ৰতিবাদৰো সৃষ্টি। স্থানীয় বাসিন্দাসকলে বসতি স্থানৰ শংকা, কৃষিৰ ক্ষতি, আৰু গুৰুত্বপূর্ণ পৰিৱেশগত ক্ষতিৰ আশংকা প্ৰকাশ কৰিছে। পৰিৱেশ বিজ্ঞানী সকলে যুক্তি দিছে যে নদীৰ প্ৰাকৃতিক প্ৰৱাহ পৰিৱৰ্তন কৰিলে অঞ্চলটোৰ সেউজ পৰিসৰ সন্তোলন বিঘ্নিত হ’ব আৰু যিসকল লোক ইয়াৰ পানীৰ ওপৰত নিৰ্ভৰশীল, তেখেতসকলৰ জীৱিকা প্ৰভাৱিত হ’ব। এই সংকটৰ প্ৰতি সজাগ হৈ স্থানীয় লোক চৰকাৰক আহ্বান জনাইছে। চিয়াং নদীৰ অখণ্ডতাক সুৰক্ষিত কৰি আৰ্থিক উন্নয়নৰ পথ মুকলি ৰাখি বিকল্প শক্তিৰ সমাধান বিচাৰিবলৈ সৰ্বসাধাৰণ ৰাইজে চৰকাৰক অনুৰোধ কৰিছে।
চিয়াং নদী কেৱল এখন জলাশয় নহয়—ই অৰুণাচল প্ৰদেশৰ লোকসকলৰ জীৱন, সংস্কৃতি, আৰু পৰিচয়ৰ প্ৰতীক। ইয়াৰ সুৰক্ষা আৰু প্ৰাকৃতিক সন্তুলন ৰক্ষা কৰাৰ লগতে আগন্তুক প্ৰজন্মৰ কল্যাণ নিশ্চিত কৰাতো বৰাতমান সময়ত অতি গুৰুত্বপূর্ণ।

Leave a comment