অসমৰ বাবে অতিকে বিশেষ আৰু ঐতিহাসিক হৈ ৰ’ল যোৱা তিনিদিন । এই দিনবোৰত অসমে আন্তঃগাঁথনি আৰু অৰ্থনৈতিক শক্তিৰ নতুন দিশ সূচনা কৰিবলৈ সক্ষম হ’ল। বিজেপি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াই এই কথা ব্যক্ত কৰি কৈছিল যে “এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন”ৰ জৰিয়তে অসমে নিজৰ চহকী সংস্কৃতিৰ লগতে অৰ্থনৈতিক সম্ভাৱনাসমূহ বিশ্বৰ আগত উপস্থাপন কৰিলে।
২৫ আৰু ২৬ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই সন্মিলনত অসম চৰকাৰে দেশ-বিদেশৰ বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ সক্ষম হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই সন্মিলনে অসমলৈ ৪.৯১ লাখ কোটি টকাৰ বিনিয়োগ আহৰণ কৰিবলৈ সক্ষম হয়। পৰ্যটন, স্বাস্থ্য, শিক্ষা, প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, যাতায়ত আৰু কলা আদি খণ্ডত বিভিন্ন দেশী-বিদেশী উদ্যোগ আৰু প্ৰতিষ্ঠানে লগোৱা বিনিয়োগসমূহ অসমৰ বিকাশৰ যাত্ৰাত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ’ব।
বিনিয়োগৰ ক্ষেত্ৰত গুৰুত্ব লাভ কৰা খণ্ডসমূহ:
● পেট্ৰ’কেমিকেলছ: শোধনাগাৰ, খাদ্য প্ৰসস্কৰণ আৰু গৱেষণাগাৰ খণ্ডৰ উন্নয়ন।
● নৱীকৰণযোগ্য শক্তি: সৌৰ, জলবিদ্যুৎ আৰু বায়’এনাৰ্জী প্ৰকল্পৰ সম্প্রসাৰণ।
● পর্যটন আৰু আতিথ্য: অসমক মুখ্য পৰ্যটন আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলা।
● স্বাস্থ্যসেৱা আৰু ঔষধ: স্বাস্থ্যসেৱাৰ আধাৰভূমি মজবুত কৰি ঔষধ উদ্যোগৰ বিকাশ।
● লজিষ্টিকছ আৰু যোগাযোগ: বাণিজ্যিক পথ আৰু সীমান্তৰ বানিজ্যিক উন্নয়নৰ বাবে আধুনিক প্ৰযুক্তি।
● তথ্য প্ৰযুক্তি আৰু ষ্টাৰ্টআপ: অসমক ডিজিটেল উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা।
ব্যৱসায়িক সুবিধা আৰু পৰিষ্কাৰ নীতি-আদৰ্শ:
● ব্যৱসায়িক প্ৰক্ৰিয়া সৰল কৰি দ্ৰুত অনুমোদন ব্যৱস্থা।
● কৰ ৰেহাই আৰু খণ্ডভিত্তিক অৰ্থনৈতিক উৎসাহ।
● অসম ষ্টাৰ্টআপ নীতিৰ সহায়ত নতুন উদ্যোগৰ বিকাশৰ সুবিধা।
● সমন্বিত লজিষ্টিকছ পাৰ্কৰ সহায়ত যোগান শৃংখলা শক্তিশালী কৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলনখন উদ্বোধন কৰি ‘A’ for Assam এদিন বিশ্বই জানিব বুলি কৈছিল। টাটা, আদানী, ৰিলায়েন্স, JSW, SR, বেদান্ত, গ্ল’বেল হেলথ লিমিটেডৰ লগতে দেশ-বিদেশৰ বহু প্ৰতিষ্ঠানে অসমত লগাবলৈ থকা বিনিয়োগৰ বাবে ৰাজ্য চৰকাৰে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।
সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সুব্ৰমণিয়াম জয়শংকৰ, অশ্বিনী বৈষ্ণৱ, পীয়ুষ গোৱেল, নীতিন গডকাৰী, হৰদীপ সিং পুৰী, সৰ্বানন্দ সোণোৱাল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াই অংশগ্ৰহণ কৰি ইয়াৰ গৌৰৱ বৃদ্ধি কৰে।
বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুৰঞ্জন দত্তই এক প্ৰেছ বিবৃতিত জনায় যে এই সন্মিলনৰ সফলতাৰ কৃতিত্ব অংশগ্ৰহণ কৰে ৭৫ খন দেশৰ প্ৰতিনিধি, ৬৭ খন ৰাষ্ট্ৰৰ হেড অৱ মিছন, ৯ খন সহযোগী ৰাষ্ট্ৰৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী কৰ্মচাৰীৰ।

Leave a comment