অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ঘোষণা কৰিছে যে সমগ্ৰ ৰাজ্যৰ ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয় দুয়োখন বিদ্যালয়তে অসমীয়া ভাষাক দশম শ্ৰেণীলৈকে বাধ্যতামূলক বিষয় হিচাপে গঢ়ি তোলা হ’ব। সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্ত সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “অসমীয়া ভাষা সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ব্যক্তিগত আৰু চৰকাৰী উভয় বিদ্যালয়সমূহতে বাধ্যতামূলক বিষয় হ’ব। অৱশ্যে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নত ছাত্ৰ-ছাত্ৰীসকলে বড়ো বা অসমীয়া ভাষা পঢ়াৰ বাবে বাছনি কৰি লব পাৰিব।”
তেওঁ আৰু স্পষ্ট কৰি দিয়ে যে শিক্ষাৰ মাধ্যম ইংৰাজী বা হিন্দী হওক ছাত্ৰ-ছাত্ৰীয়ে বিষয় ভাষা হিচাপে অসমীয়া বা বড়ো ভাষাৰ যিকোনো এটা ভাষাৰ অধ্যয়ন বাধ্যতামূলক হ’ব।
এই পদক্ষেপে অসমৰ সাংস্কৃতিক ঐতিহ্য ভাষা সংৰক্ষণৰ লগতে সমান্তৰালকৈ আঞ্চলিক ভাষা শিক্ষাৰ প্ৰসাৰকো সবল কৰি তুলিব। এই নিৰ্দেশনাই অসম চুক্তিৰ ৰূপায়ণ প্ৰক্ৰিয়াৰ লগতো সংগতি ৰাখি ভাষা- শিক্ষাৰ প্ৰসাৰো মসৃণ কৰি তুলিছে ।
ইয়াৰ উপৰিও শেহতীয়াকৈ এখন পৰ্যালোচনা বৈঠকৰ অংশ হিচাপে অসম চৰকাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিয়ে প্ৰস্তাৱ কৰা ৫২টা পৰামৰ্শৰ ভিতৰত ৩৮টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

1 Comment