জাতিংগা হৈছে অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন গাঁও। গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ প্ৰায় ৩৩০ কিল’মিটাৰ নিলগত অৱস্থিত জাতিংগা । এই ঠাইটুকুৰা পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰ ৰূপে জনাজাত। প্ৰবাদ অনুসৰি, আগষ্টৰ পৰা অক্টোবৰ মাহত জাতিংগাত দেশ-বিদেশৰ বিভিন্ন পক্ষীয়ে আত্মহত্যা কৰে ৷ ৰহস্যজনকভাৱে পক্ষীয়ে কৰা আত্মহত্যাৰ প্ৰকৃত তথ্য উদ্ঘাটন কৰিবলৈ বিভিন্নজনে বিভিন্ন লেখনি প্ৰকাশ কৰিছে যদিও ইয়াৰ সঠিক উত্তৰ আজিও নাই ৷ কোনো কোনোৰ মতে পক্ষীৰ মৃত্যুৰ সময় আহিলে নিজে উক্ত স্থানলৈ উৰি যায়। আন একাংশৰ মতে উক্ত স্থানত অশৰীৰী আত্মাৰ বাস থকা বাবে নাইকিয়া হৈ যায় পক্ষীকূল ৷
মৌচুমী ঋতুৰ শেষভাগত, বিশেষকৈ অমাৱস্যা আৰু কুঁৱলীৰে ঢকা ৰাতি ৬ বজাৰ পৰা ৯:৩০ বজাৰ ভিতৰত এই ঘটনা সংঘটিত হয়। গাঁওবাসীয়ে পক্ষীসমূহক পথভ্ৰষ্ট কৰি পোহৰৰ উৎসলৈ আকৰ্ষিত কৰে। তেওঁলোকে বাঁহৰ খুঁটা ব্যৱহাৰ কৰি পক্ষীসমূহ হত্যা কৰে। এই প্ৰাকৃতিক ঘটনাটোৰ বিষয়ে স্থানীয় জনগোষ্ঠীৰ লোকসকলে ভাৱিছিল যে, আকাশৰ পৰা আত্মাসমূহে উৰি আহি তেওঁলোকৰ মাজত আতংক সৃষ্টি কৰাৰ চেষ্টা কৰে ।
বৰ্তমান ভাৰতৰ বিভিন্ন বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত গোটসমূহে পক্ষীসমূহৰ হত্যা ৰোধ কৰিবৰ বাবে অশিক্ষিত গাঁৱবাসীলক সচেতন কৰিবৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। যাৰ ফলত জাতিংগাত পক্ষীসমূহৰ হত্যা প্ৰায় ৪০% হ্ৰাস পাইছে।

Leave a comment