Home ASSAM ৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি তুলিছে ‘হলো ল’লো’ই
ASSAMENTERTAINMENTINDIANORTH EAST

ৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি তুলিছে ‘হলো ল’লো’ই

Share
ৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি তুলিছে ‘হলো ল’লো’ই
Share

কোক ষ্টুডিঅ’ই বিভিন্ন সংগীত শৈলী আৰু নতুন প্ৰজন্মৰ প্ৰতিভাক আগবঢ়াই নিয়াৰ ঐতিহ্য অব্যাহত ৰাখি ‘হলো ল’লো’ নামেৰে এটি নতুন গীত উন্মোচন কৰিছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা সংগীত পৰিচালক শংকুৰাজ কোঁৱৰৰ সংগীত পৰিচালনাত এই গীত অসমৰ মৰাণ সম্প্ৰদায়ৰ গৌৰৱময় সংস্কৃতিৰ পৰা অনুপ্ৰাণিত।

ৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি তুলিছে ‘হলো ল’লো’ই

বুধবাৰে কোক ষ্টুডিঅ’ৰ ইউটিউব চেনেলত মুক্তি পোৱা ‘হলো ল’লো’ গীতত শংকুৰাজ কোঁৱৰৰ সৈতে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শাল্মলী খোলগাড়েই কণ্ঠদান কৰিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি তুলিছে ‘হলো ল’লো’ই

এই গীতৰ অন্যতম বিশেষ বৈশিষ্ট্য হ’ল ইয়াত ব্যৱহাৰ কৰা পৰম্পৰাগত অসমীয়াৰ বাদ্যযন্ত্ৰ যেনে টকা, গগনা, আৰু চিফুং অৰ্থাৎ বাঁহী। এই বাদ্যযন্ত্ৰবোৰে গীতটোত এটি খাঁটি লোকসংগীতৰ আভা প্ৰদান কৰিছে যিয়ে আধুনিক ইলেক্ট্ৰনিক সংগীতৰ সৈতে মিলি এক অনন্য শ্ৰৱণ-অভিজ্ঞতাৰ সৃষ্টি কৰিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি তুলিছে ‘হলো ল’লো’ই

‘হলো ল’লো’ গীতৰ সংগীত ভিডিঅ’টোৰ আন এটি আকৰ্ষণীয় দিশ হ’ল ইয়াত অসমৰ খ্যাতনামা অভিনেত্ৰী সুৰভি দাসে অভিনয় কৰিছে। ইয়াৰ মনোৰঞ্জনধৰ্মী কাহিনী আৰু গভীৰ লোকসাংস্কৃতিক সংযোগৰ বাবেই ‘হলো ল’লো’ অতি কম সময়তে অসমৰ লগতে সমগ্ৰ দেশৰ সংগীতপ্ৰেমীসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি তুলিছে ‘হলো ল’লো’ই

Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *