ভাৰত চৰকাৰে চিগাৰেট আৰু অন্যান্য ধপাতজাত সামগ্ৰীৰ ওপৰত কৰ (জি এছ টি) বৃদ্ধি কৰিব পাৰে । এই সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পিছতেই বৃহস্পতিবাৰে ধপাতৰ ওপৰত শ্বেয়াৰ বজাৰৰ এক গুৰুত্বপূৰ্ণ প্ৰভাৱ দেখা পোৱা গৈছে । এখন ৰাষ্ট্ৰীয় বাতৰি কাকতৰ প্ৰতিবেদন অনুসৰি সামগ্ৰীবোৰৰ ওপৰত ক্ষতিপূৰণ উপকৰ আঁতৰোৱাৰ পিছত ইয়াক কাৰ্যকৰী কৰা হ’ব ।
বৰ্তমান চিগাৰেট আৰু অন্যান্য ধঁপাতজাত সামগ্ৰীৰ ওপৰত 28 শতাংশ জি এছ টি সহ আন কেইবাটাও শুল্ক আছে। যাৰ ফলত সৰ্বমুঠ কৰ বোজা 53 শতাংশ হৈছেগৈ। প্ৰতিবেদন অনুসৰি, বৰ্তমান জি এছ টি বৃদ্ধি কৰি 40 শতাংশ কৰা হ’ব আৰু তাৰ ওপৰতো আবকাৰী শুল্কও যোগ কৰা হ’ব ।
ইয়াৰ মুখ্য উদ্দেশ্য হৈছে ২০২৬ চনৰ মাৰ্চত ক্ষতিপূৰণ উপকৰ উঠাই লোৱাৰ পিছত যাতে ধঁপাতজাত সামগ্ৰীৰ পৰা ৰাজহ সংগ্ৰহ হ্ৰাস নহয় সেইটো নিশ্চিত কৰা হ’ব। এই সন্দৰ্ভত বিষয়াসকলে সংবাদগোষ্ঠীটোক জনায় যে চৰকাৰে বৰ্তমানৰ উপকৰৰ ঠাইত এক নতুন উপকৰ আৰোপ কৰিব বিচৰা নাই ।
কিয় বৃদ্ধি কৰা হৈছে ধঁপাত জাতীয় সামগ্ৰীৰ বৃদ্ধি?
ধঁপাতজাত সামগ্ৰীবোৰক স্বাস্হ্যৰ বাবে অতি অনিষ্টকাৰী সামগ্ৰী হিচাপে গণ্য কৰা হয় । ইয়াৰ অৰ্থ হৈছে ইয়াৰ ব্যৱহাৰক ৰুধিবলৈ সেইসমূহৰ ওপৰত যথেষ্ট কৰ আৰোপ কৰা হয় । ভাৰতত চিগাৰেটৰ ওপৰত বৰ্তমানৰ কৰ হৈছে 53 শতাংশ, যিটো বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ দিয়া 75 শতাংশতকৈ বহু কম । ধঁপাত আৰু ধঁপাতজাত সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰাৰ ফলত যথেষ্ট পৰিমাণে ৰাজহ কৰ লাভ কৰা হয় । ২০২২-২৩ বৰ্ষত ধঁপাত জাতীয় সামগ্ৰীয়ে চৰকাৰী ৰাজহক ৭২,৭৮৮ কোটি টকা অৰিহণা যোগাইছিল ।

Leave a comment