সোমবাৰে পুৱতি নিশা গুৱাহাটীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লখৰা উৰণীয়া সেতুৰ তলত মৃত অৱস্থাত উদ্ধাৰ হয় ৰাজু মাহাতো নামৰ ৩৩ বছৰীয়া এজন আৰক্ষী কনিষ্টবলৰ মৃতদেহ। গড়চুক আৰক্ষী থানাৰ এজন বিষয়াই সদৰি কৰা তথ্য অনুসৰি পুৱা প্ৰায় ৪:৩০ মান বজাত এই ঘটনাৰ খবৰ পোৱা গৈছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি কনিষ্টবল জনৰ মৃত্যুৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই যদিও এই সন্দৰ্ভত তদন্ত বৰ্তমান অব্যাহত আছে। লগতে আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে, “ৰাজু মাহাতোৰ মৃতদেহ পুৱা প্ৰায় ৪:৩০ বজাত উৰণীয়া সেতুৰ তলত ফুটপাথত পৰি থকা অৱস্থাত উদ্ধাৰ হয়। তেওঁ বৰঝাৰ আৰক্ষী আউটপোষ্টত নিয়োজিত এজন শাখা কনিষ্টবল আছিল।”
প্ৰাথমিক আশংকাৰ পৰা দেখা পোৱা গৈছে যে মাহাতোৰ মৃত্যুৰ সাম্ভাৱ্য স্বাস্থ্যজনিত অৱস্থা বিশেষকৈ শৰীৰৰ ৰক্তচাপ সম্পৰ্কীয় সমস্যাৰ সৈতেও সম্পৰ্ক থাকিব পাৰে।
তেওঁৰ মৃত্যুৰ সঠিক কাৰণৰ বিষয়ে জানিবলৈ বৰ্তমান বিভাগীয় তদন্ত অব্যাহত আছে । য’ত আশা কৰা অনুসৰি নিশ্চিত হ’ব যে মৃত্যুৰ প্ৰকৃত ৰহস্য কি ?

Leave a comment