কেঞ্চাৰ প্ৰতিৰোধ কৰিবলৈ দেশত আহি আছে ভেকচিন। আগন্তুক পাঁচৰ পৰা ছয় মাহৰ ভিতৰত বজাৰত এই ভেকচিনলউপলব্ধ হ’ব বুলি মহাৰাষ্ট্ৰৰ কেন্দ্ৰীয় স্বাস্থ্য,পৰিয়াল কল্যাণ আৰু ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও যাধৱে ঘোষণা কৰিছে। মঙলবাৰ ১৮ফেব্ৰুৱাৰীত তেওঁৰ PTI ৰ সন্মুখতোএই মন্তব্য প্ৰকাশ কৰিছে।
উক্ত টীকাকৰণ এতিয়া অন্তিম গৱেষণাৰ পৰ্যায়ত চলি আছে । ৯ৰ পৰা ১৬ বছৰ বয়সৰ সকলো ছাত্ৰীৰ বাবে এই টীকা প্ৰদান কৰা হ’ব।মন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ ছত্রপতি সম্ভাজীনগৰত অনুষ্ঠিত এখন সংবাদমেলত কৈছে যে ভাৰতত কেঞ্চাৰৰ সংখ্যা বৃদ্ধি পাইছে, আৰু চৰকাৰে এই সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ৩০ বছৰ বয়সৰ ওপৰৰ মহিলাসকলক হস্পিটালত স্ক্ৰিনিং কৰা হ’ব আৰু আগতীয়াকৈ কেঞ্চাৰ চিনাক্ত কৰাৰ বাবে ডে-কেয়াৰ কেঞ্চাৰ কেন্দ্ৰও স্থাপন কৰা হ’ব।
যাধৱে লগতে উল্লেখ কৰে যে টীকাৰ গৱেষণা প্ৰায় সম্পূৰ্ণ হৈ আহিছে, আৰু পৰীক্ষা শেষ হলেই এই টীকা অহা পাঁচৰ পৰা ছয় মাহৰ ভিতৰত উপলব্ধ হ’ব। ৯ৰ পৰা ১৬ বছৰ বয়সৰ ছাত্ৰীসকলক এই টীকা প্ৰদান কৰা হ’ব।
এই টীকাই স্তন কেঞ্চাৰ, মুখমণ্ডলৰ কেঞ্চাৰ, আৰু গৰ্ভাশয়ৰ কেঞ্চাৰৰ পৰা ৰক্ষা কৰিবলৈ সহায় কৰিব। তাৰোপৰি চৰকাৰে কেঞ্চাৰৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱা ঔষধসমূহৰ মূল্যৰ ওপৰতো গুৰুত্ব দিছে যাতে এই ঔষধসমূহ সৰ্বসাধাৰণৰ বাবে সহজলভ্য হয়।

Leave a comment