গুৱাহাটী, উওৰ পূৰ্বাঞ্চলৰ সংযোগস্থলী তথা উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰস্বৰূপ। গুৱাহাটীৰ ওপৰত নিৰ্ভৰশীল উত্তৰ পূৰ্বাঞ্চল। উন্নতিৰ জখলাত দিনক দিনে আগুৱাই গৈ আছে মহানগৰীখন কিন্তু উন্নতিৰ সমান্তৰালভাৱে সমস্যাও বৃদ্ধি পাই আহিছে। জীৱন ধাৰণৰ প্ৰণালী সলনি হৈছে গুৱাহাটীবাসীৰ। সমস্যা বুলিলেই পুনে পুনে আঙুলি পুনুৱা হয় চৰকাৰৰ দিশে কিন্তু সম্ভ্ৰান্ত আৰু শিক্ষিতৰ মুখা পিন্ধা মানৱ সমাজে পাহৰি পেলায় যে গণতান্ত্ৰিক ৰাজ্য এখনত চৰকাৰৰ লগতে দায়িত্ব সমাজৰো বা নিজৰো থাকে। প্ৰত্যেকটো সৰু সৰু কথাতে চৰকাৰৰ আখুৱাহ খুচৰি ফুৰাটো যুক্তিকৰ কিছু পৰিমাণে নহয়। ৰাতিপুৱাই কৰ্মসূত্ৰে বা বিভিন্ন কামত ওলাই আহোঁতে নলাত বা অন্য ঠাইত জাবৰৰ টোপোলাতো দলিয়াই পেলোৱা সেই ব্যক্তিজনে মহানগৰীৰ কৃত্ৰিম বানৰ ওপৰত উদ্যক্ত কণ্ঠেৰে কোৱা কথাবোৰ শোভা নাপায়। দায়িত্ব সকলোৰে থাকে বা সকলোৱে পালন কৰা উচিত।
গুৱাহাটী পৌৰ নিগমে ঘৰৰ পৰা জাবৰ অনাৰ দায়িত্ব পাৰ্য্যমানে চেষ্টা কৰি আহিছে আৰু সফলভাৱে ৰূপায়ন কৰিবলৈ প্ৰায় সক্ষম হৈছেগৈ। নিশা নিচাসক্ত হৈ যুৱক-যুৱতীয়ে মাতালতা কৰি পিছদিনা সমাজ সংস্কৰণৰ চৰ্চ্চাত আগভাগ লোৱাতোও কিন্তু চিন্তনীয় বিষয়।ব্যক্তিগত জীৱন বা কোনো ব্যক্তিৰ নিজস্বতাৰ ওপৰত আঙুলি উঠোৱা নাই যদিও সমাজত সকলোৱে নিজৰ দায়িত্ব সমূহ সচেতনতাৰে পালন কৰি গলে কিছুমান সমস্যা নিজাববীয়াকৈ সমাধান কৰিব পৰা যায়।
তদুপৰি চৰকাৰে মহানগৰীত যাতায়তৰ সুবিধাৰ বাবে ৰাস্তা-পথ নিৰ্মাণত উঠি-পৰি লাগিছে কিন্তু ফলপ্ৰসূ হৈছেনে? পানীৰ পাইপ ঠিক কৰা আৰু বিভিন্ন ধৰণৰ নিৰ্মান কাৰ্য্যৰ নামত বহুতো ৰাস্তাত সৰু-বৰ গাত, চাৰিওফালে ধূলি, ৰাস্তাত আৰু ৰাস্তাৰ কাষত দম হৈ থকা বালি, অৰ্ধনিৰ্মিত আৰু অসমান ৰাস্তা ইত্যাদি। এইসমূহ কাৰণৰ বাবে যাতায়ত কৰা মানুহে বিভিন্ন সমস্যাৰ সম্মুখীন হৈছে তদূপৰি ৰাস্তাৰ এনে শোচনীয় অৱস্থাৰ বাবে মাজে সময়ে বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ সম্মুখীন হয় ৰাইজ।
চৰকাৰৰ ওপৰত গধূৰ দায়িত্ব থাকে আৰু তেওঁলোক পালন কৰাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। কিন্তু সমান্তৰাল ভাবে জনসাধাৰনেও নিজা দায়িত্ব সমূহ পালন কৰিব লাগে। আজিৰ সমাজত মানুহে মানুহৰ প্ৰতি কৰিব লগা সু-ব্যৱহাৰৰ অভাৱ ঘটিছে। সৰুৱে ডাঙৰক-ডাঙৰে সৰুক বা মানুহে মানুহক বিভিন্ন সময়ত অপব্যৱহাৰ কৰা দেখা যায়। এজন ব্যক্তি কোনো জৰুৰী কামত কোনো সংস্থান বা কাৰ্যালয়লৈ যায় (বিশেষকৈ চৰকাৰী শাখাসমূহত) তেতিয়া কাৰ্য্যটো সম্পন্ন হোৱা বা নোহোৱাতকৈও ডাঙৰ কথা যে সেই ব্যক্তিজনে দুনাই এই কাৰ্যালয়লৈ যাতে আহিব লগা নহওঁক তাৰ চিন্তা কৰে কাৰণ অপব্যৱহাৰ। কাৰোবাক এখাৰ ভাল মাত দিবৰ বাবে কাৰোবাক এটা হাঁহিৰ, অলপ শ্ৰদ্ধাৰে মাত দিবলৈ আৰ্থিক শক্তিৰ প্ৰয়োজন নহয় বা কোনো ক্ষতি নহয়। আৰ্থিকভাৱে টনকিয়াল এচাম শ্ৰেণীৰ লোকসকলে কম উপাৰ্জন কৰা কিছু মানুহক মানুহ হিচাপে গণ্য কৰিবলৈ টান পায় কিন্তু সঁচা অৰ্থত এই লোকসকলৰ অবিহনে তেওঁলোকৰ জীৱন অচল।
পৰাগ শংকৰ হাজৰিকা
গুৱাহাটী বিশ্ববিদ্যালয়
Leave a comment