ইণ্ডিয়ান এছোচিয়েশ্যন অব জাপানৰ এটা প্ৰতিনিধি দলে আজি জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ সৈতে সাক্ষাৎ কৰি এক বৈঠকত অংশগ্ৰহণ কৰে। এই গুৰুত্বপূৰ্ণ বৈঠকত প্ৰতিনিধি দলটোৱে অসমত বিনিয়োগৰ বাবে বিভিন্ন প্ৰস্তাৱ উপস্থাপন কৰে। অন্যান্য খণ্ডসমূহৰ লগতে স্বাস্থ্যখণ্ডত বিনিয়োগৰ বিষয়ে আজিৰ বৈঠকত প্ৰধানকৈ আলোচনা কৰা হয়। ভাৰতবৰ্ষৰ লগতে বিশেষকৈ অসমত ক্ৰমান্বয়ে বৃদ্ধি পাই থকা অসংক্ৰামক ৰোগসমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত জাপানে কেনেকৈ সহায় কৰিব পাৰে তাৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়।
বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্ৰী সিংহলে জনায় যে আজি হোৱা আলোচনাত অসমৰ স্বাস্থ্য আন্তঃগাঁথনি,গোটা আৱৰ্জনা ব্যৱস্থাপনা আদি ক্ষেত্ৰত জাপানৰ প্ৰতিনিধি দলটোৱে বিনিয়োগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু এই বিষয়বোৰক কেন্দ্ৰ কৰি আলোচনা চলে।
লগতে তেওঁ জানিবলৈ দিলে যে অহা সময়ত অসমৰ এটা প্ৰতিনিধি দলে জাপান ভ্ৰমণ কৰিব। আৰু এডভাণ্টেজ আছামৰ সুফল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত সৃষ্টি হোৱা অনুকূল বিনিয়োগ পৰিৱেশৰ ফলত ভৱিষ্যতে অসমৰ পৰা অধিক সংখ্যক বিদেশী বিনিয়োগকাৰী আকৰ্ষিত হ’ব।

Leave a comment