ৰাজ্যৰ এগৰাকী ৮ বছৰীয়া কন্যাই নিজৰ অসাধাৰণ নৃত্যই এতিয়া সমগ্ৰ দেশৰ লগতে বিশ্বতো খলকনি তুলিছে । ব্ৰিটেইন’ছ গট টেলেণ্টত নিজৰ নৃত্য প্ৰদৰ্শনেৰে দৰ্শক আৰু বিচাৰকৰ হৃদয় আকৰ্ষণ কৰিছে কাৰ্বি আংলঙৰ বোকাজানৰ বিনীতা চেত্ৰীয়ে।
বিনীতায়ে ব্ৰিটেইন’ছ গট টেলেণ্ট ২০২৫ৰ চমকপ্ৰদ প্ৰদৰ্শন কৰি ইণ্টাৰনেটত একপ্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰিছে। সঠিক ভংগিমা, বেকফ্লিপ আৰু অবিশ্বাস্য নৃত্যশৈলীয়ে বিচাৰক আৰু দৰ্শক উভয়কে মন্ত্ৰমুগ্ধ কৰি পেলায় বিনীতায়ে।
বিনীতাৰ বাবে ব্ৰিটেইন’ছ গট টেলেণ্ট হৈছে “সপোনৰ মঞ্চ”, কিয়নো তাত বিনীতাই নিজৰ প্ৰতিভাক বিদগ্ধ বিচাৰক সকলৰ
সন্মুখত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। বিনীতাই প্ৰথম ৰাউণ্ডত উন্নত প্ৰদৰ্শন কৰিছে আৰু লগতে ব্যক্ত কৰে যে তাই এটা গোলাপী ৰঙৰ ৰাজকুমাৰী ঘৰ ক্ৰয় কৰাৰ সপোন পুহি ৰাখিছে ।
বিনীতাৰ চমকপদ নৃত্যই শ্ব’টোৰ প্ৰতিষ্ঠিত বিচাৰক সকলৰো সম্পূৰ্ণ দৃষ্টি আকৰ্ষণ কৰে।
অসমৰ এই ৮ বছৰীয়া কন্যাগৰাকীৰ অভূতপূৰ্ব সফলতাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দনো জ্ঞাপন কৰে।
উল্লেখ্য যে, অতি সাধাৰণ ঘৰৰ বিনীতাই কোনো নৃত্যৰ অনুশীলন অবিহনে কেৱল ৰাজস্থানত থকা নিজৰ পেহীয়কৰ পৰা নৃত্যৰ অনুশীলন লৈ অতি উৎকৃষ্টমানৰ প্ৰদৰ্শন বিদেশত কৰিবলৈ সক্ষম হৈছে । আৰু চলিত বৰ্ষৰ এপ্ৰিল মাহত অনুষ্ঠিত হ’ব ব্ৰিটেইন’ছ গট টেলেণ্টৰ ফাইনেল ।

Leave a comment