Home LIFESTYLE দৈনন্দিন কিছু অভ্যাসেই হ’ব কঁকালৰ বিষ নিৰাময়ৰ বিধান
LIFESTYLE

দৈনন্দিন কিছু অভ্যাসেই হ’ব কঁকালৰ বিষ নিৰাময়ৰ বিধান

Share
দৈনন্দিন কিছু অভ্যাসেই হ'ব কঁকালৰ বিষ নিৰাময়ৰ বিধান
Share

৩০ বছৰ অতিক্ৰম কৰা লোকৰ মাজত কঁকালৰ বিষ আজিকালি এক সাধাৰণ সমস্যাত পৰিণত হৈছে। দৈনন্দিন জীৱনত কামবোৰ সম্পাদন কৰোঁতে আমি কঁকালৰ বিষৰ প্ৰকোপ অনুভৱ কৰো। সেয়া লাগিলে ঘৰুৱা কামেই হওক বা কাৰ্যালয়ৰ কামেই হওক, কিছুমান নিয়ম আমি নজনাৰ ফলত কঁকালৰ সাধাৰণ বিষ এটাই পাছত দীৰ্ঘস্থায়ী ৰূপ লয়। সাধাৰণতে এই বিষ মেৰুদণ্ডৰ তলৰ অংশত থকা অস্থিসন্ধি বা ডিস্কত হোৱা দেখা যায়। কিন্তু আমি দৈনন্দিন জীৱনত কামবোৰ কৰি যাওতে কিছুমান সাধাৰণ নিয়ম মানি গ’লে এই মাৰাত্মক কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰো।

১. শোৱাৰ অভ্যাস:

কঠিন আৰু সমান বিছনা ব্যৱহাৰ কৰক। ফোম বা কোমল গাদী পৰিহাৰ কৰক। শোৱাৰ সময়ত মেৰুদণ্ড পোন আৰু কঁকাল পোন কৰি ৰাখিব। বিছনাৰ পৰা উঠোঁতে প্রথমে কাটি হৈ আঁঠু ভাঁজ কৰি শুব, পাছত এফালে কাটি বহিব, ভৰি ওলোমাই থিয় হ’ব।

২. ওজন কঢ়িওৱাৰ সময়ত:

গধুৰ বস্তু নুঠাব। কঁকালৰ ওপৰত চাপ পৰা ওজন বস্তু কান্ধত নল’ব। কেতিয়াবা যদি কঢ়িয়াব লগা হয় তেন্তে সম্মুখ দিশে হাউলি ডাঙিব।

৩. গাড়ী চলোৱাৰ সময়ত:

ষ্টিয়াৰিং হুইল আৰু ছিটৰ মাজত সঠিক দূৰত্ব ৰাখিব। দেহ পোন ৰাখি গাড়ী চলাব।

৪. বস্তু তোলাৰ সময়ত:

মাটিত পৰা বস্তু তোলাৰ সময়ত আঁঠু ভাঁজ কৰি বহাৰ ভংগীত বস্তুটো তোলক, পিঠি ভাঁজ কৰি ডাঙিব নালাগে।

৫. ওজন আৰু খাদ্য:

দেহৰ ওজন নিয়ন্ত্রণত ৰাখক। স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰক। উচ্চ কেল’ৰিযুক্ত আৰু তেলত ভজা খাদ্য এৰক।

৬. সময়ৰ ব্যৱহাৰ:

আধাঘণ্টাৰ অধিক সময় একেৰাহে বহি বা থিয় হৈ নাথাকিব। মাজে মাজে বহি থাকিলে থিয় হৈ খোজ কাঢ়ক আৰু থিয় হৈ থাকিলে মাজে মাজে পোন হৈ বহি জিৰণি লওক। দীঘলীয়া সময়ৰ বাবে খোজ কাঢ়িবলগীয়া হ’লে ফ্লেট জোতা-চেণ্ডেল পৰিধান কৰক।

৭. দৈনিক ব্যায়াম:

দৈনন্দিন ব্যায়াম অব্যাহত ৰাখক। নিতৌ খোজ কাঢ়াৰ অভ্যাস গঢ়ি তোলক। যোগাভ্যাস গঢ়ি তোলক। পাছে যোগাভ্যাস কৰাৰ সময়ত এটা কথা মন কৰিব যে কঁকালত চাপ পৰা ব্যায়াম যাতে নকৰে। পাৰিলে যোগৰ প্ৰশিক্ষকৰ সহায় লওক।

৮. বহাৰ সময়ত নিয়ম:

চকী আৰু মেজৰ মাজত অধিক দূৰত্ব নাৰাখিব। কাম কৰাৰ সময়ত কঁকালৰ পিছফালে ভাল গাৰু বা কুছন ব্যৱহাৰ কৰক যাতে কঁকাল আৰু মেৰুদণ্ড পোন হৈ থাকে। কোমল ছোফা বা স্প্ৰীংযুক্ত আসনত বহাৰ অভ্যাস এৰক।

উল্লেখ্য যে, কঁকালৰ বিষৰ উপশম পাবলৈ ঔষধৰ লগতে দৈনন্দিন জীৱনত শুদ্ধ ভংগী, দেহৰ যত্ন, আৰু নিয়মীয়া ব্যায়াম অত্যন্ত প্ৰয়োজনীয়। এইখিনি সাৱধানতা সজাগভাৱে অৱলম্বন কৰিলে আপোনাৰ মূৰৰ পৰা কঁকাললৈকে স্বস্তি অনুভৱ কৰিব।

দৈনন্দিন কিছু অভ্যাসেই হ'ব কঁকালৰ বিষ নিৰাময়ৰ বিধান
Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *