Home General বিদেশত এভূমুকি
General

বিদেশত এভূমুকি

Share
বিদেশত এভূমুকি
Share

ভ্ৰমণে আমাক আনন্দ দিয়ে। অৱশ্যে মানুহৰ মনৰ অৱসাদ দূৰ কৰি নতুন উৎসাহ উদ্দীপনাৰে সজাই পৰাই তোলাৰ সমান্তৰালভাৱে ভ্ৰমণে মানুহৰ জ্ঞান আৰু অভিজ্ঞতাৰ ভঁৰালটোৱো বৰকৈ সমৃদ্ধ কৰে। কথাতে কয়, পঢ়ি শিকাতকৈ দেখি শিকাতো শ্ৰেয় আৰু উজু। নিজচকুৰে দেখি অথবা বাস্তৱ অভিজ্ঞতা লগত লৈ কামত আগবাঢ়িলে তাৰ স্মৃতি হেনো চিৰদিনলৈ থাকি যায়। সেই আপাহতে ব্যস্ত জীৱনৰ মাজতে অকণমান সুৰুঙা উলিয়াই লগৰ কেইজনীমানৰ সৈতে আমিও কৰবালৈ যাওঁ বুলি মন বান্ধিলোঁ। উদ্দেশ্য- বিদেশ ভ্ৰমণ। ক’তনো যাম, ক’ত থাকিম, কি খাম সকলো পৰিকল্পনা সামৰি আমি আমাৰ ভ্ৰমণৰ কাৰ্য্যসূচী আৰম্ভ কৰিলোঁ এইবাৰ দূর্গা পূজাৰ বন্ধতেই। মনে মিলা বন্ধু, তাতে আকৌ নতুন ঠাই এখন চোৱাৰ-দেখাৰ আনন্দ! সেই স্ফূৰ্তিক ধৰি ৰাখি যোৱা ৩০ অক্টোবৰ তাৰিখে আমি , মানে মই আৰু বান্ধৱী কৰিমা, নীলা, ভাৰ্জিনা আৰু জানমণি জালুকবাৰীৰ পৰা প্ৰথমে ৰঙিয়া আৰু তাৰ পিছত তামুলপুৰৰ কৰিমাহঁতৰ ঘৰলৈ ৰাওনা হলোঁ। নতুন ঠাই নতুন মানুহ ।গাড়ীৰ পৰা নামিয়ে আমি পোনতে কৰিমাহঁতৰ ঘৰলৈ বুলি খোজ ললোঁ। কৰিমাহঁতৰ গাওঁখনৰ প্ৰায় ভাগ মানুহেই বড়ো সম্প্ৰদায়ৰ ।

প্ৰথমে আমি গৈয়ে গা পা ধুই বহুত আদৰৰে খুড়ীয়ে বনাই ৰখা ভাত সাঁজ খাবলৈ গলোঁ। ভাতৰ পাতত বহি দেখিলোঁ নানা তৰহৰ বড়ো সম্প্ৰদায়ৰ খাদ্য সম্ভাৰ। ৰাতিটো তাতে কটাই পিছদিনা আমি যাবলৈ ওলালো ভূটানলৈ বুলি।
প্ৰায় ১০/১১ বজা মানত আমি তামুলপুৰ ভূটানৰ সীমাত উপস্থিত হৈছিলোঁ। অসম পাৰ হৈ ভূটানৰ সীমাত ভৰি দিয়াৰ লগে লগে আপ্লুত হৈ পৰিছিলো ভূটানৰ প্ৰাকৃতিক সৌন্দৰ্য্যত। ধুনীয়া চাফ-চিকুন ৰাস্তাটোৰে আগবাঢ়ি গৈ থাকোঁতে হঠাৎ চকুত পৰিল ভূটানৰ এটা বৌদ্ধ মঠ । লগে লগে গাড়ীৰ পৰা নামি লৰাধপৰাকৈ নামি গলোঁ। তাত অলপ সময় কটাই আমি আকৌ আগবাঢ়ি গলোঁ ভুটানৰ একা বেঁকা বাটেৰে। ধুনীয়া ভূটানখনক গাড়ীৰ খিৰিকিৰে চাই চাই ইমানেই ভাল লাগিছিল যে নোকোৱাকৈ থাকিব নোৱাৰি। মাজে সৰু সৰু লৰা ছোৱালীবোৰ স্কুলৰ পৰা উভতি আহি থকা দেখি আটাইতকৈ ভাল লাগিল সিহঁতৰ স্কুল পোছাকযোৰ। ইমান ধুনীয়া পৰিপাতিকৈ পিন্ধি যোৱা সৰু সৰু লৰা ছোৱালীবোৰে ভূটানৰ সেই একা বেঁকা চাফ চিকুন ৰাস্তাটো যেন বেছি মোহনীয় কৰি তুলিছিল । ভূটানৰ সকলোতকৈ ভাল লগা আৰু এটা কাৰণ আছিল তাত বসবাস কৰা মানুহৰ সংখ্যা বহুত কম। পাহাৰৰ মাজে মাজে অৱস্থিত এটা দুটা ঘৰ দুখন এখন দোকান আৰু ধুনীয়া ধুনীয়া দলং বোৰ পাৰ পাৰ হৈ হৈ গৈ থাকোঁতে কেতিয়ানো দিনটো গুচি গল গমেই নাপালোঁ।


এনেকে গোটেই দিনটো ভূটানৰ আশে পাশে ঘূৰি ফুৰি পেট পূজাৰ কৰাৰ মানসেৰে খাবলৈ গৈছলো। ভুটানৰ এটা ধুনীয়া পৰম্পৰাগত খাদ্য থূপকা খাই ঘৰলৈ বুলি ওভটিলোঁ। সচাকৈয়ে এই ভ্ৰমণে আমাক আপ্লুত কৰিলে, ভূটান দেশৰ সমাজ – সংস্কৃতিৰ বিষয়েও আমি এটা আভাষ পালোঁ।

যুগস্মিতা দাস
গুৱাহাটী বিশ্ববিদ্যালয়

বিদেশত এভূমুকি

Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *