Home INDIA ৰিলেশ্বনশ্বিপ, ব্লেকমেইলিং আৰু তাৰ পাছত হত্যা… যুৱ নেত্ৰী হিমানী নৰৱাল হত্যাকাণ্ডৰ ৰহস্য ভেদ
INDIAPOLITICS

ৰিলেশ্বনশ্বিপ, ব্লেকমেইলিং আৰু তাৰ পাছত হত্যা… যুৱ নেত্ৰী হিমানী নৰৱাল হত্যাকাণ্ডৰ ৰহস্য ভেদ

Share
ৰিলেশ্বনশ্বিপ, ব্লেকমেইলিং আৰু তাৰ পাছত হত্যা… যুৱ নেত্ৰী হিমানী নৰৱাল হত্যাকাণ্ডৰ ৰহস্য ভেদ
Share

প্ৰেম, প্ৰতাৰণা আৰু ব্লেকমেইলিঙৰ বাবে হত্যাৰ বলি হ’ল কংগ্ৰেছৰ যুৱ নেত্ৰী হিমানী নৰৱাল! প্ৰেমিক শচীনে ম’বাইল চাৰ্জাৰেৰে ডিঙি চেপি হত্যা কৰিলে যুৱ নেত্ৰীগৰাকীক। নিজ ঘৰতেই হত্যাৰ বলি হয় ৰোহটক নিবাসী হিমানী নৰৱাল। এই হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত হিমানীৰ বন্ধু বুলি পৰিচিত শচীনক আটক কৰিছিল হাৰিয়ানা আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত ইতিমধ্যে হত্যাৰ কথা স্বীকাৰ কৰিছে শচীনে। হিমানীক প্ৰথমে ডিঙি চেপি হত্যা কৰি মৃতদেহ চ্যুটকেছত ভৰাই এটা বাছ আস্থানত থৈ আহিছিল শচীনে।

যোৱা ২৮ ফেব্ৰুৱাৰীত হিমানী নৰৱালৰ ঘৰৰ কাষৰ এটা চিচিটিভি ফুটেজত দেখা গৈছে যে অভিযুক্ত শচীনে এটা ক’লা চ্যুটকেছ কঢ়িয়াই লৈ গৈছে। চিচিটিভি ভিজুৱেলসমূহ আৰক্ষীয়ে পৰীক্ষা কৰাৰ পাছত স্পষ্ট হৈ পৰে এই কথা।

হাৰিয়ানা আৰক্ষীৰ অনুসন্ধান মৰ্মে, হাৰিয়ানাৰ ঝাজ্জৰৰ বাসিন্দা শচীনে বিত্তীয় বিবাদৰ বাবে কংগ্ৰেছ কৰ্মীজনক হত্যা কৰে। শচীন হিমানীৰ বন্ধু আছিল আৰু সঘনাই হিমানীৰ ৰোহটকত ঘৰলৈ অহা-যোৱা কৰিছিল শচীনে। যোৱা ডেৰ বছৰ ধৰি অভিযুক্তগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে হিমানীৰ সৈতে সম্পৰ্ক ৰাখিছিল আৰু লগতে তেওঁৰ ঘৰলৈ গৈছিল।

অভিযুক্ত শচীনে জনোৱা অনুসৰি, হিমানীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল তেওঁ। কিন্তু যোৱা কিছু সময়ৰ পৰা হিমানীয়ে শচীনক ব্লেকমেইল কৰি আহিছিল। যাৰ বাবে কেইবাবাৰো হিমানীক যথেষ্ট পৰিমাণৰ ধন দিছিল অভিযুক্ত শচীনে। ইয়াৰ উপৰি, তেওঁ বাৰে বাৰে হিমানীৰ বিৰুদ্ধে অধিক ধন দাবী কৰাৰ অভিযোগো উত্থাপন কৰিছে আৰক্ষীৰ জেৰাত। অৱশ্যে আৰক্ষীৰ অনুসন্ধানৰ শেষতহে ভেদ হ’ব এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ।

ৰিলেশ্বনশ্বিপ, ব্লেকমেইলিং আৰু তাৰ পাছত হত্যা… যুৱ নেত্ৰী হিমানী নৰৱাল হত্যাকাণ্ডৰ ৰহস্য ভেদ
Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *