Home ASSAM ফুলেশ্বৰী দত্তৰ বন্যপ্ৰাণীৰ প্ৰেম আৰু সাহসক শত কোটি প্ৰণাম…
ASSAMINDIANORTH EAST

ফুলেশ্বৰী দত্তৰ বন্যপ্ৰাণীৰ প্ৰেম আৰু সাহসক শত কোটি প্ৰণাম…

Share
ফুলেশ্বৰী দত্তৰ বন্যপ্ৰাণীৰ প্ৰেম আৰু সাহসক শত কোটি প্ৰণাম...
Share

লখিমপুৰ ঢকুৱাখনাৰ বাসিন্দা ফুলেশ্বৰী দত্ত। ১৯৮৯ চনৰ কথা তেওঁলোকৰ বাৰীত শগুণে সাজিছিল প্ৰথমটো বাহ । অসমীয়া সমাজত প্ৰচলিত জনবিশ্বাস অনুসৰি শগুণে ঘৰৰ চৌহদত বাহ সজাটো অমংগলীয়া কথা। সেয়ে বহুলোকে গছজোপা কাটি দিয়ে নতুবা চৌহদটো এৰি দিয়ে। গতিকে ফুলেশ্বৰীকো গাওঁৰ মানুহে বাহ সজা গছডাল কাটি পেলাবলৈ ক’লে।

তেওঁ তেনে একো নকৰিলে। মানুহৰ উপদেশ, কৰ্কথনা সকলো আওকাণ কৰি গছজোপা সংৰক্ষণ কৰি ৰাখিলে। সামাজিক আচৰণৰ বিৰুদ্ধে যোৱা বাবে ফুলেশ্বৰীক ঘিনা কৰা হ’ল, সামাজিকভাৱে এঘৰীয়া কৰা হ’ল। কিন্তু শগুণকেইটা ৰক্ষা কৰাৰ স্বাৰ্থত এনেবোৰ কথাই তেওঁক সলনি কৰিব নোৱাৰিলে। সামাজিকভাৱে এঘৰীয়া হোৱাই নহয়, ব্যক্তিগত জীৱনতো আৰ্থিক অনাটনে জুৰুলা কৰিলে তেওঁক।

লগতে ফুলেশ্বৰী দত্তৰ মানুহজন গছৰ পৰা পৰি দীৰ্ঘদিন শয্যাশায়ী হৈ থকা সময়চোৱাতে তেওঁ কৰি থকা সৰু চাকৰিটোৰ নিয়মীয়াকৈ পাই থকা দৰৰ্মহা কিবা কাৰণত বন্ধও হ’ল। ১৬ বছৰ বিনা বেতনে চাকৰি কৰিলে তেওঁ। সেই সময়চোৱাত বাৰীৰ পাচলি বিক্ৰি কৰি দুটা সন্তানৰ পঢ়াৰ খৰচৰ লগতে দৈনন্দিন খৰচবোৰ সামৰিছিল দুয়ো। সেইখিনি সময়ত বহুলোক আহিছিল তেওঁলোকৰ বাৰীৰ গছ কিনি কাঠ উলিয়াবলৈ। কিন্তু শগুণৰ সেই বাহকেইটা ৰক্ষা কৰাৰ স্বাৰ্থত এজোপাও গছ বিক্ৰি নকৰিলে ফুলেশ্বৰীয়ে। লাহেলাহে তেওঁৰ বাৰীত শগুণৰ জনসংখ্যা বাঢ়ি আহিল। আৰু আজিৰ তাৰিখত তেখেতৰৰ বাৰীত পাঁচটা শগুণৰ বাহত ১০টা বগা পিঠিয়া শগুণ ( white rumped vulture) আছে।

প্ৰতিবছৰে পৰিভ্ৰমী himalayan Griffon আহি তেখেতৰ বাৰীতে আশ্ৰয় লয়। যোৱা বছৰ ৭০টা Griffon গণনা কৰা হৈছিল। এইবছৰ ৫০টা। লখিমপুৰ জিলাৰ একমাত্ৰ ঢকুৱাখনাত ফুলেশ্বৰী দত্তৰ বাৰীত হে এই শগুণ চুবুৰিটো আছে। বিখ্যাত সংৰক্ষকসকলৰ কথা সকলোৱে জানে, তেওঁলোকে সেই হিচাপে বঁটা-বাহন, স্বীকৃতিও পাই থাকে। কিন্তু ফুলেশ্বৰী দত্তৰ দৰে মহিলা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰখনত অকথ্য হি’ৰ ( unsung heroes), যি নিৰবে আৰু নিৰলে সংৰক্ষণৰ কাম কৰি আছে। আমোদজনকভাৱে তেওঁ এইটোও নাজানে তেওঁ যে বিপন্ন হবলৈ ধৰা জীৱ এটা বচাই ৰাখিছে। তেওঁ মাথো জানে এই পৃথিৱীখন সকলোৰে। মানুহৰ সমানে প্ৰতিটো জীৱৰ এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে।

ফুলেশ্বৰী দত্তৰ এই যাত্ৰাত ঢকুৱাখনাৰ বিমান, ধ্ৰুৱ, মানসে যথেষ্টখিনি সহযোগ কৰি আহিছে। কোনো এটা শগুণ আঘাতপ্ৰাপ্ত হ’লে উদ্ধাৰ কৰাৰ পৰা লৈ চিকিৎসা কৰি মেলি দিয়ালৈকে তেওঁলোকে দায়িত্ব লয়।

আজি বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনা তেখেতৰ এই বন্যপ্ৰাণীৰ প্ৰেমৰ অনন্য নিদৰ্শনে মানৱ সমাজক দি যাব নৈতিকতাৰ প্ৰকৃত পাঠ ।

বাতৰিৰ সৌজন্য – দিগন্ত ওজাৰ ফেচবুক ৱালৰ পৰা

ফুলেশ্বৰী দত্তৰ বন্যপ্ৰাণীৰ প্ৰেম আৰু সাহসক শত কোটি প্ৰণাম...
Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *