Home ASSAM এডভাণ্টেজ আছামত কি ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ?
ASSAMBUSINESSINDIANORTH EASTWORLD

এডভাণ্টেজ আছামত কি ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ?

Share
এডভাণ্টেজ আছামত কি ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ?
Share

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত অনুষ্ঠিত ‘এডভাণ্টেজ আছাম ২.০ – বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন’ত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ উন্নয়নৰ বাবে পৰৱৰ্তী পাঁচ বছৰত ৪,৮০০ কোটিতকৈ অধিক টকাৰ বিনিয়োগৰ পৰিকল্পনা ঘোষণা কৰে। ‘এডভাণ্টেজ আছাম ২.০ – বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন’ৰ দ্বিতীয় দিনা অনুষ্ঠিত অসমৰ পথ, ৰে’লৱে আৰু নদীকেন্দ্ৰিক আন্তঃগাঁথনিৰ আলোচনা-চক্ৰত সোণোৱালে উল্লেখ কৰে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ পৰিকল্পনা পূৰণৰ ক্ষেত্ৰত অসমৰ বিস্তৃত আৰু সমৃদ্ধ জলপথ প্ৰণালীয়ে অঞ্চলটোৰ উন্নতি আৰু আগবঢ়োৱা সক্ষমতাত অপৰিসীম সম্ভাৱনা সৃষ্টি কৰিছে। পূৰ্বে আভ্যন্তৰীণ জলপথসমূহ উপেক্ষিত হৈ আছিল, কিন্তু ২০১৪ চনৰ পৰা মোদী ডাঙৰীয়াৰ দূৰদৰ্শী দৃষ্টিভংগীৰ ফলত দেশৰ জলপথ খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে, যাৰ ফলস্বৰূপে সমগ্ৰ জলপথ ব্যৱস্থাক নতুন জীৱন দিয়া হৈছে। অসমত ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২) আৰু বৰাক (ৰাষ্ট্ৰীয় জলপথ-১৬)কেন্দ্ৰিক নদীজালৰ সমৃদ্ধ নেটৱৰ্কে আভ্যন্তৰীণ জলপথবোৰৰ মাধ্যমেৰে বাণিজ্য আৰু অৰ্থনৈতিক উন্নয়নত উল্লেখযোগ্য ভুমিকা পালন কৰিছে। সামগ্ৰী আৰু যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত আভ্যন্তৰীণ জলপথসমূহ কম খৰচৰ, অধিক দক্ষ আৰু পৰিৱেশ-বান্ধব মাধ্যম হিচাপে বিবেচিত হৈছে।
‘জলবাহক’ৰ দৰে আঁচনি আৰম্ভ কৰি আমাৰ চৰকাৰে আমদানি-ৰপ্তানিক আভ্যন্তৰীণ জলপথলৈ স্থানান্তৰিত কৰিবলৈ উৎসাহিত কৰিছে, যাৰ ফলত অৰ্থনীতি উন্নত হৈছে, ৰে’লপথ আৰু পথৰ ভিৰ হ্ৰাস কৰা হৈছে। জলপথৰ এই অভিনৱ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অহা পাঁচ বছৰত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাতকৈও অধিক পুঁজি বিনিয়োগ কৰা হ’ব।”

সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘হৰিৎ নৌকা আঁচনি’ৰ অধীনত ২০৩০ চনৰ ভিতৰত অসমত সেউজ জাহাজৰ ৰূপান্তৰৰ বাবে ১,৫০০ কোটি টকাৰ আবণ্টনৰ কথা ঘোষণা কৰে।

“২০২৭-২৮ বৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত ক্ৰুজ পৰ্যটনৰ সুবিধাৰ বাবে আৰু কাৰ্গ’ সঞ্চালন ক্ষমতা বৃদ্ধিৰ বাবে ১,৫০০ কোটিতকৈও অধিক পৰিমাণৰ পুঁজি ধাৰ্য কৰা হৈছে। ইয়াৰ ভিতৰত আছে শিলঘাট, বিশ্বনাথঘাট, নিমাতীঘাট আৰু গুঁইজানত তীৰৰ সুবিধা থকা জেটি নিৰ্মাণৰ লগতে আঞ্চলিক কাৰ্যালয়, এমএছডিচি, অতিথিশালা আৰু গুৱাহাটীৰ ফাঁচী বজাৰত আইটিএটিৰ বাবে কাৰ্যালয় নিৰ্মাণ।

পাণ্ডুত জাহাজ মেৰামতি সুবিধাৰ দ্বিতীয় পৰ্যায়ৰ বিকাশৰ বাবে ৩৭৫ কোটি টকাৰ পুঁজিৰ পৰিমাণ ৰখা হৈছে। তদুপৰি জলপথত সুচল চলাচল বজাই ৰখাৰ বাবে আমাৰ চৰকাৰে ২০২৬-২৭ বৰ্ষলৈকে বাংলাদেশ সীমান্তৰ পৰা ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাটলৈ ২.৫ মিটাৰৰ ন্যূনতম গভীৰতা নিশ্চিত কৰিবলৈ খননৰ বাবে ভাৰতীয় ড্ৰেজিং কৰ্প’ৰেচন (ডিচিআই)ক দায়িত্ব অৰ্পণ কৰিছে। ইয়াৰ বাবে ১৯১ কোটি টকাৰ পৰিমাণ ধাৰ্য কৰা হৈছে”, সোণোৱালে লগতে কয়। তদুপৰি তেওঁ কয়, “এডভাণ্টেজ আছাম ১.০ আৰু ২.০এ অসমৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে অনুঘটক হিচাপে কাম কৰিছে, ব্যৱসায়সমূহক তেওঁলোকৰ বাণিজ্য আৰু বিনিয়োগৰ সুযোগ সম্প্ৰসাৰিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা অসমে লাভ কৰা অপৰিসীম সমৰ্থন, বলিষ্ঠ নেতৃত্ব আৰু সহযোগিতাৰ ফলত আমি অসম আৰু উত্তৰ-পূবৰ অৰ্থনীতিৰ সামগ্ৰিক বিকাশৰ যাত্ৰা সবল ৰূপত আগুৱাই নিব পাৰিছোঁ।”

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে যে প্ৰায় ৩১৫ কোটি টকাৰ বিনিয়োগৰ জৰিয়তে গুৱাহাটী আৰু ধুবুৰীত ৱাটাৰ মেট্ৰ’ সেৱা উন্নয়ন কৰা হ’ব। তেখেতে লগতে উল্লেখ কৰে যে কোচিন শ্বিপয়াৰ্ড লিমিটেড (চিএছএল)ৰ দ্বাৰা নিৰ্মাণ কৰা দুটা বৈদ্যুতিক কেটামাৰানো মোতায়েন কৰা হ’ব। গুৱাহাটীত ১০০ কোটি টকাৰ ব্যয়ৰে এখন বিশ্বমানৰ ক্ৰুজ টাৰ্মিনেল নিৰ্মাণৰ পৰিকল্পনাৰ কথা তেওঁ সদৰী কৰে। ইয়াৰ উপৰিও, ডিব্ৰুগড়ত প্ৰায় ১২০ কোটি টকাৰ বিনিয়োগৰে এটা আঞ্চলিক উৎকৰ্ষ কেন্দ্ৰ (আৰচিঅ’ই) স্থাপন কৰা হ’ব বুলিও তেখেতে জানিবলৈ দিয়ে।

সোণোৱালে কয় যে- ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি লাইটহাউচ পাঁচটা স্থানত নিৰ্মাণ কৰা হ’ব – বগীবিল, বিশ্বনাথ, নিমাতী, পাণ্ডু আৰু শিলঘাটত। ইয়াৰ বাবে ব্যয় হ’ব আনুমানিক ১০০ কোটি টকা। ইয়াৰ উপৰিও, পাণ্ডু আৰু বগীবিলৰ মাজত ২.৫ মিটাৰৰ ন্যূনতম গভীৰতা বজাই ৰখাৰ বাবে ১৫০ কোটি টকাৰ পৰিমাণ ধাৰ্য কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ বাবে দুটা কাটাৰ ছেক্সন ড্ৰেজাৰ গোটও ক্ৰয় কৰা হ’ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় জলপথত পৰিবহণৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকেন্দ্ৰিক ১,০১০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰি আছে। অনুষ্ঠানত লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী কৃষ্ণেন্দু পাল, ভাৰতস্থিত ছিংগাপুৰৰ উচ্চায়ুক্ত ছাইমন ৱং, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰ আৰু উদ্যোগ খণ্ডৰ গণ্য-মান্য ব্যক্তিসকল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘এক্ট ইষ্ট নীতি’য়ে কেনেদৰে অসমৰ জলপথত ৰূপান্তৰমুখী আন্তঃগাঁথনি গঢ়ি তুলিছে, পূৰ্বতে বাস্তৱায়িত নোহোৱা মাল্টি-মডেল লজিষ্টিক আৰু কাৰ্গ’ চলাচল এতিয়া সুচল কৰিছে, অসমক বিনিয়োগ আৰু বিকাশৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিছে, সেই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিস্তাৰিতভাৱে আলোকপাত কৰে।

এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, “এডভাণ্টেজ আছামৰ বৃহত্তৰ উদ্দেশ্যটোৱেই হৈছে অসমক আত্মনিৰ্ভৰশীল অসমলৈ ৰূপান্তৰিত কৰা আৰু ইয়াৰ যোগেদি এখন আত্মনিৰ্ভৰশীল ভাৰতৰ গতি ত্বৰান্বিত কৰা। অসমৰ বাবে আটাইতকৈ ডাঙৰ এডভাণ্টেজটো- মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যিয়ে অনবৰতে অসমৰ লগত আছে৷ যেতিয়ালৈকে মোদী ডাঙৰীয়া আমাৰ শুভাকাংক্ষী হৈ থাকিব, অসমৰ সদায়েই এডভাণ্টেজ থাকিব৷ ২০১৮ চনত আৰম্ভ হোৱা এই এডভাণ্টেজ আছামৰ প্ৰথম যাত্ৰাক আজি আৰু এখোজ সফলতাৰে আগবঢ়াই নিয়াৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা প্ৰশংসাৰ পাত্ৰ।”

এডভাণ্টেজ আছামত কি ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ?
Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *