Home ASSAM পিএম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, এন.এফ.আৰ. ৰঙাপাৰাত কেভিএছৰ ৬৩তম প্ৰতিষ্ঠা দিৱস আৰু গ্ৰেণ্ডপেৰেণ্টছ ডে উদ্‌যাপন
ASSAM

পিএম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, এন.এফ.আৰ. ৰঙাপাৰাত কেভিএছৰ ৬৩তম প্ৰতিষ্ঠা দিৱস আৰু গ্ৰেণ্ডপেৰেণ্টছ ডে উদ্‌যাপন

Share
পিএম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, এন.এফ.আৰ. ৰঙাপাৰাত কেভিএছৰ ৬৩তম প্ৰতিষ্ঠা দিৱস আৰু গ্ৰেণ্ডপেৰেণ্টছ ডে উদ্‌যাপন
Share

পিএম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, এন.এফ.আৰ. ৰঙাপাৰাত কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ৬৩তম প্ৰতিষ্ঠা দিৱস আৰু গ্ৰেণ্ডপেৰেণ্টছ ডে একেলগে অতি উৎসাহ-উদ্দীপনাৰে উদ্‌যাপন কৰা হয়।
এই গৌৰৱময় অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰতীয় সেনাৰ কেপ্তেন তথা কেভিএছৰ প্ৰাক্তন ছাত্ৰ মাননীয় কেপ্তেন সত্যজয় জেঠৱা আৰু বিশেষ অতিথি হিচাপে কেভিএছৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বালৱিন্দৰ কৌৰ উপস্থিত থাকে।বিদ্যালয়ৰ প্ৰধানাচাৰ্য অমব্ৰেশ কুমাৰে আদৰণি ভাষণেৰে অনুষ্ঠানৰ আৰম্ভণি কৰে। সাংস্কৃতিক কাৰ্যসূচীত নৃত্য পৰিবেশন আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ৰ আধাৰত প্ৰস্তুত কৰা নাটকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আমন্ত্ৰিত অতিথিসকলে তেওঁলোকৰ প্ৰেৰণাদায়ক বক্তব্যৰে ছাত্ৰ-ছাত্ৰীসকলক উদ্দীপ্ত কৰে। কেপ্তেন সত্যজয় জেঠৱাই কেভিএছৰ শৃংখলা আৰু সামগ্ৰিক বিকাশত থকা ভূমিকাৰ কথা উল্লেখ কৰে। বালৱিন্দৰ কৌৰে নিজৰ শিক্ষকতা কৰা জীৱনৰ অভিজ্ঞতাৰ বিষয়ে সুৱৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে।অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল ককা-আইতাসকলৰ সক্ৰিয় অংশগ্ৰহণ। বহুতে গীত আৰু কবিতা পাঠৰ জৰিয়তে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।শেষত শ্ৰী শ্যাম কুমাৰে ধন্যবাদ জ্ঞাপন কৰে আৰু সকলো ককা-আইতা আৰু ছাত্ৰ-ছাত্ৰী সকলে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটো আনন্দময় আৰু স্মৰণীয় কৰি তোলে।

বালিপৰাৰ পৰা স্থানীয় সংবাদদাতা

Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *