এদিন এটা গুবৰুৱাই নিজৰ থকাৰ স্থান বিছাৰি আহি আহি এখন বাগিছা পালে। তাতে ফুল গছ এজোপাৰ তলৰ গাঁত এটাত থাকিবলৈ ল’লে।
এনেদৰে দিন পাৰ হ’বলৈ ধৰিলে। এদিন এটা মৌ মাখিয়ে সেই ফুল গছ জোপাৰ পৰা মৌ চোহিবলৈ আহোতে গুবৰুৱাটো দেখি মাত লগালে ,
“হেৰা , তুমি কোন? মই আজিলৈকে তোমাৰ নিছিনা কাকো দেখা নাই।”
“মই গুবৰুৱা। “
মৌ মাখি, ” আগতে তোমাক দেখা নাই,নতুনকৈ আহিছা নেকি?”
গুবৰুৱা, “হয়, মই ওচৰৰ বাগিছা এখনত আছিলো। তাত পানী হোৱাৰ বাবে ইয়ালৈ আহিলো। “
মৌ মাখি, ” অ, মোৰো ঘৰ সেইফালে। আজিৰ পৰা তেনেহলে আমি বন্ধু হ’লো।”
গুবৰুৱা, “নিশ্চয় সখী।”
মৌ মাখি, “তুমি কি খোৱা সখী?”
গুবৰুৱা, “মই গুবৰত থাকো আৰু তাকে খাও।”
মৌ মাখি, ” ছিঃ ছিঃ! গুবৰ খাই নেকি! ব’লা আজি ফুলৰ মৌ সোৱাদ ল’বা। আহা, মোৰ পিছে পিছে।”
দুয়ো গৈ ফুল এপাহত পৰিল আৰু গুবৰুৱাই মৌ খাৱলৈ ল’লে। সি মৌ সোৱাদ অতিশয় সুস্বাদু পালে। অলপ সময় পাছত, মৌ মাখিয়ে ক’লে, “ব’লা, সখী।”
গুবৰুৱা, “তুমি যোৱা, মোৰ পেট ভৰাই নাই। “
মৌ মাখি, ” ঠিক আছে সখী, কাইলৈ পুণৰ দেখা কৰিম।”
ইয়াকে কৈ মৌ মাখিয়ে বিদায় ল’লে। ইফালে গুবৰুৱাই মৌ খাই থাকোতে বেলি ডুব গ’ল।বেলি ডুবাৰ লগে লগে ফুলপাহৰ পাহি জাপ খাই গ’ল আৰু গুবৰুৱাটো আবদ্ধ হৈ পৰিল। সন্ধিয়া পূজনৰ বাবে দাসীয়ে ফুল তুলিবলৈ আহিল আৰু গুবৰুৱা থকা ফুলপাহও চিঙি লৈ গ’ল।
পূজাৰ পাছত ৰজা বিক্ৰমাদিত্যই সেই গুবৰুৱা থকা ফুল পাহকে নিজ বেণীত বান্ধি থলে।
পিছদিনা ৰজা বিক্ৰমাদিত্যই গংগাত স্নান কৰিবলৈ গ’ল আৰু চুলিৰ ফুল পাহ পানীত পৰিলগৈ।
পানী পাই ফুলপাহ মেল খাই গ’ল আৰু গুবৰুৱাটো উৰি গ’ল। যাওঁতে সি কৈ গ’ল———————-
“সন্তৰ লগত সখী কৰিলো
মধুক কৰিলো পান
বিক্ৰিমাদিত্যৰ শিৰত উঠিলো
গঙ্গাত কৰিলো স্নান।”
আবিহোত্ৰী ভৰদ্বাজ
গুৱাহাটী বিশ্ববিদ্যালয়

Thank you for the publication. This was the story my grandma once told me. It is very close to my heart.