আধুনিক শিক্ষা ব্যৱস্থাত ‘আধ্যাত্মিকতাৰ শিক্ষাৰ’ প্ৰাসংগিকতা কেতিয়াও এৰি চলিব পৰা নাযায়। অতীজৰে পৰা বিদ্যালয় সমূহতো ছাত্ৰ_ছাত্ৰী সকলক আধ্যাত্মিকতাৰ শিক্ষাৰ প্ৰদান কৰা হয়, সেয়া লাগিলে পুৱাৰ পাঠদান আৰম্ভণিৰ প্ৰাৰম্ভনিতে গোৱা প্ৰাৰ্থনাই নহওঁক কিয়…। আধ্যাত্মিক শিক্ষাৰ অবিহনে এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ পূৰ্ণাংগ শিক্ষা প্ৰাপ্ত বুলি ক’ব নোৱাৰি l কেৱল আনুষ্ঠানিক বা অনানুষ্ঠানিক শিক্ষাই এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ জীৱনৰ সঠিক পথ বা লক্ষ মুকলি নকৰে, ইয়াৰ লগে লগে আধ্যাত্মিক শিক্ষাও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।
সাম্প্ৰতিক সময়ত শিক্ষানুষ্ঠানত যি আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয়, তাত আনুষ্ঠানিক শিক্ষাৰ প্ৰাধান্য বা গুৰুত্ব প্ৰায় নথকাৰ দৰে। যাৰ ফলত একাংশ ছাত্ৰ ছাত্ৰীৰ নৈতিক মূল্যবোধ, সামাজিক মূল্যবোধ তথা মানসিক বিকাশ সাধন হোৱাত কিছু বাধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। পিতৃ-মাতৃক আদৰ, জ্যেষ্ঠজন, শিক্ষা গুৰুৰ প্ৰতি সন্মান ইত্যাদিবোৰ আধ্যাত্মিকতাৰেই প্ৰতিফলন। এই শিক্ষাৰ উচিত পদাৰ্পনৰ অভাৱতেই এছাম ছাত্ৰ- ছাত্ৰী অথবা যুৱক যুৱতীৰ মাজতেই পিতৃ-মাতৃ, শিক্ষা-গুৰু তথা জেষ্ঠ জনৰ প্ৰতি সন্মান হেৰুৱাৰ উপক্রম ঘটে আৰু নিজেই কৰা সকলোবোৰ কাময়েই শুদ্ধ বুলি বিবেচিত কৰে।
গতিকে দেখা যায় যে বৰ্তমান সময়ত আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাই এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ বাবে যথেষ্ট নহয়। তাৰ লগতে আধ্যাত্মিক শিক্ষাকো সম পৰিমাণে গুৰুত্ব দিব লাগিব। সেয়েহে বৰ্তমানৰ নতুন শিক্ষা- নীতি ব্যৱস্থাত আধ্যাত্মিক শিক্ষাৰ এটা সূকীয়া পাঠ্যক্ৰম প্ৰতিটো স্তৰৰ শ্ৰেণীত থকাটো বিশেষভাৱে প্ৰয়োজন হৈ পৰিছে। তেতিয়াহে হয়তো আধ্যাত্মিকতাৰ বিষয়তো সকলোৰে মাজত চৰ্চাত থাকিব।
দৰ্শনা বৰুৱা
গুৱাহাটী বিশ্ববিদ্যালয়
Leave a comment