Home ASSAM “লাগিলে স্বামীকেই বাদ দিম কিন্তু ফেচবুক-ইনষ্টাগ্ৰাম এৰিব নোৱাৰোঁ!”
ASSAMINDIANORTH EAST

“লাগিলে স্বামীকেই বাদ দিম কিন্তু ফেচবুক-ইনষ্টাগ্ৰাম এৰিব নোৱাৰোঁ!”

Share
"লাগিলে স্বামীকেই বাদ দিম কিন্তু ফেচবুক-ইনষ্টাগ্ৰাম এৰিব নোৱাৰোঁ!"
Share

স্বামী-স্ত্ৰীৰ সম্পৰ্কক লৈ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ঘটনা । যাক লৈ পৰিয়াল পৰামৰ্শ কেন্দ্ৰত উপস্থিত এহাল ভুক্তভোগী দম্পতী ।

বৰ্তমান ছ’চিয়েল মিডিয়া বিশেষকৈ ইনষ্টাগ্ৰাম আৰু ফেচবুক আমাৰ সমাজ তথা জীৱন শৈলীৰ লগত একপ্ৰকাৰ এৰাব নোৱাৰা অপৰিহাৰ্য অংশত পৰিণত হৈ পৰিছে । যেনে ৰীলছ তৈয়াৰ কৰা, ফটো ভিডিঅ’ পোষ্ট কৰা আৰু লাইক-কমেণ্টৰ বাবে অপেক্ষা কৰাটোও যেন বৰ্তমান আমাৰ বাবে বাবে একপ্ৰকাৰৰ মানসিক সন্তুষ্টিৰ মাধ্যম হৈ পৰিছে ।

এই সময়ত বহুলোকৰে ব্যক্তিগত জীৱনতো প্ৰভাৱ পেলাইছে ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰে ৷ তেনে এক ঘটনাই সংঘটিত হৈছে বিহাৰৰ পূৰ্ণিয়াত নামৰ স্থানত ৷

পূৰ্ণিয়াৰ এহাল দম্পতীৰ ছচিয়েন মিডিয়া’ৰ ব্যৱহাৰ সন্দৰ্ভত বিবাদে ইমান ভয়ংকৰ ৰূপ ল’লে যে তেওঁলোলক গৈ পৰিয়াল পৰামৰ্শ কেন্দ্ৰত উপস্থিত হয়গৈ ৷ কাটিহাৰৰ নিবাসী এগৰাকী মহিলাই ব্যক্ত কৰে যে ‘প্ৰয়োজনত তেওঁ স্বামীক এৰি যাব পাৰিব ৷ কিন্তু ইনষ্টাগ্ৰামত ফটো পোষ্ট কৰা বন্ধ কৰিব নোৱাৰে ।’ মহিলাগৰাকীৰ এনে কথাত পৰিয়াল পৰামৰ্শ কেন্দ্ৰটোত উপস্থিত ব্যক্তিসকলৰ লগতে অধিবক্তাসকলো হতবাক হৈ পৰে ।

স্বামীৰ অভিযোগ – তেওঁৰ পত্নীয়ে অচিনাকী ব্যক্তিৰ সৈতে ছচিয়েল মিডিয়াত অধিকাংশ সময় বাৰ্তালাপত ব্যস্ত থাকে ৷ তদুপৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ ফটো আৰু ভিডিঅ’ পোষ্ট কৰি থাকে আৰু পৰিয়ালৰ কথা অলপো চিন্তা নকৰে । বৰঞ্চ দিনটোৰ অধিকাংশ সময় ছ’চিয়েল মিডিয়াতে ব্যস্ত থাকে। লগতে কয় যে “মোৰ পত্নীয়ে ইনষ্টাগ্ৰামত ৰীল বনাই থাকে আৰু বিভিন্ন ভংগীমাত ভিডিঅ আৰু ফটো পোষ্ট কৰি থাকে ৷ যিটো মই বা মোৰ পৰিয়ালে একেবাৰে বেয়া পাওঁ । সেইবাবেই পৰিয়ালৰ লোক সকলে তেওঁৰ এই কাণ্ডসমূহৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে যদিও মোৰ পত্নী মান্তি নহয়”

মহিলাগৰাকীৰ স্বামীয়ে সদৰী কৰা তথ্য অনুসৰি তেওঁলোক বিবাহপাশত আৱদ্ধ হোৱা ৫ বছৰতকৈও অধিক সময় হ’ল ৷ কিন্তু বৰ্তমানেও তেওঁলোকৰ কোনো সন্তান নাই ।

স্বামীৰ এই মন্তব্যত কটাক্ষ কৰি মহিলা গৰাকীয়ে কয় যে – “ছ’চিয়েল মিডিয়া মোৰ ব্যক্তিগত বিষয় । মোৰ ফটো বা ভিডিঅ’ মই পোষ্ট কৰাৰ মোৰ সম্পূৰ্ণ অধিকাৰ আছে । লাগিলে মই স্বামীক এৰি যাব পাৰিম, কিন্তু ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফটো আৰু ভিডিঅ’ পোষ্ট কৰাটো বন্ধ নকৰো কেতিয়াও” ।

প্ৰয়োজনত মহিলগৰাকীয়ে তেওঁ স্বামী আৰু স্বানীৰ পৰিয়ালক ত্যাগ কৰিবলৈও সাজু । কিন্তু দুয়োৰে মাজত যেতিয়া কোনো মীমাংসাৰ অৱকাশ ন’হল, তেতিয়া কেন্দ্ৰটোত উপস্থিত থকা অধিবক্তাই তেওঁলোকক ঘৰলৈ ওভতাই পঠিয়াই দিয়াৰ ব্যৱস্থাকৰে ৷

"লাগিলে স্বামীকেই বাদ দিম কিন্তু ফেচবুক-ইনষ্টাগ্ৰাম এৰিব নোৱাৰোঁ!"
Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *