গুৱাহাটী—ব্ৰহ্মপুত্ৰৰ কাষত বিস্তূত এই নগৰখন একসময়ত আছিল পাহাৰ,জলাভূমি আৰু খাল–নদীৰ সুৰম্য মিলনৰ প্ৰতিচ্ছবি। অসমৰ ৰাজনৈতিক,সাংস্কৃতিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে গুৱাহাটী আজি উন্নয়ন আৰু জনসংখ্যা দুয়ো ক্ষেত্ৰতেই বিস্ময়কৰ গতিতে আগবাঢ়িছে। কিন্তু এই উজ্জ্বলতা আৰু সম্ভাৱনাৰ ওপৰত প্ৰতিবছৰে বৰষুণৰ দিনবৰত নামি আহে এক গম্ভীৰ হুমকি—নগৰীয়া বানপানী।
বৰ্ষাৰ আৰম্ভণিতেই গুৱাহাটীৰ আকাশত মেঘেৰে আৱৰিব পৰা গাঢ় ছাঁ পৰে। প্ৰথম বজ্ৰৰ ধ্বনি আৰু বৰষুণৰ লগে লগে নগৰৰ মাটি নতুন সুগন্ধেৰে পৰিপূৰ্ণ হয়। কিন্তু এই সৌন্দৰ্য্যৰ পিছত গোপনে আগবঢ়ি আহে এক সংকট। অলপ সময়ৰ বৰষুণেই বহু ঠাইত ৰাস্তাৰ বুকু পানীৰ তলত নামাই আনে,আৰু সেই পানী স্থিৰ হৈ যোৱাত, নগৰ খন বানপানীত ভৰি পৰে।
এই সমস্যাৰ মূলত দুটা দিশ দেখা যায়, প্ৰাকৃতিক প্ৰৱাহ পথৰ হ্ৰাস আৰু মানবসৃষ্ট অব্যৱস্থা। একসময়ত গুৱাহাটী চহৰৰ বুকুত বৈ থকা ভৰলু,আৰু দিপৰ বিলৰ সংযোগী জলপ্ৰবাহ পথসমূহে বৰষুণৰ পানী সহজে নি:সৰণ কৰিছিল। কিন্তু বিগত কিছু দশকত অগণিত খাল,জলাভূমি আৰু পাহাৰৰ পাদদেশ দখল বা ভৰাট কৰাৰ ফলত প্ৰাকৃতিক নিকাশী ব্যৱস্থা প্ৰায় বিলুপ্ত হোৱাৰ উপক্রম হৈছে। যিবোৰ খাল আজিও আছে, সেয়াও আবৰ্জনা আৰু দখলত নিমগ্ন হৈ নিজ ভূমিকাৰ প্ৰায় অর্ধেক হে পালন কৰি আছে।
চহৰৰ জনসংখ্যা বৃদ্ধি আৰু অবিকল্পিত নগৰায়ণে এই সমস্যাক অধিক জটিল কৰি তুলিছে। ফুটপাথ আৰু কংক্ৰিটৰ মাটিত বৰষুণৰ পানী শোষণ হোৱাৰ পথ বন্ধ হৈছে। ফলত সমস্ত পানী একেলগে নিকাশীৰ ফাললৈ ধাবিত হয়। কিন্তু সংকীৰ্ণ বা আবৰ্জনাৰে পূর্ণ নিকাশী এই আকস্মিক বাঢ়ি অহা পানীক বহন কৰিব নোৱাৰে। যাৰ ফলত নগৰৰ বহু অঞ্চল খুব কম সময়ৰ ভিতৰতে ডুবি যায়।
এই নগৰখনৰ বন্যাৰ প্ৰভাৱ কেৱল পানীৰ ওপৰত সীমাবদ্ধ নহয়। যান–বাহন নগৰৰ দৈনন্দিন জীৱন স্তব্ধ হয়, দোকান–বজাৰ আৰু উদ্যোগৰ কাৰ্যকলাপ ব্যাহত হয়। বিদ্যালয় আৰু শিক্ষাপ্ৰতিষ্ঠানৰ দিনচৰ্যা ব্যাহত হয়। বিশেষকৈ নিকাশীৰ পানীৰ সৈতে মিশ্ৰিত বৰষুণৰ পানীয়ে নগৰৰ স্বাস্থ্য পৰিস্থিতি সংকটজনক কৰি তোলে—ডায়েৰিয়া, ডেংগু,চালৰ ৰোগ আদি ৰোগৰ প্ৰসাৰ বাঢ়ে। ইফালে,জলভূমি আৰু প্ৰাকৃতিক প্ৰবাহ পথ হ্ৰাস পাবলৈ ধৰাৰ ফলত প্ৰাণীকুলৰ বাসস্থানো বিনষ্ট হৈছে।
গুৱাহাটী মহানগৰ উন্নয়নত কৰ্তৃপক্ষ আৰু অন্য সংস্থাসমূহে নিকাশী পথ বিস্তাৰ,খাল-খনন,আৰু পানী ধৰি ৰাখিবলৈ সাময়িক জলাধাৰ নিৰ্মাণৰ দৰে উদ্যোগ গ্ৰহণ কৰিছে। যদিও ইয়াৰ ফল প্ৰত্যক্ষ কৰিবলৈ যথেষ্ট সময় আৰু একাধিক সমন্বিত পৰিকল্পনাৰ প্ৰয়োজন। সমস্যাটোৰ মূল সমাধান পোৱা যাব প্ৰাকৃতিক নিকাশী ব্যৱস্থা পুনৰুদ্ধাৰ,জলভূমি সংৰক্ষণ আৰু পাহাৰৰ অনিয়মিত দখল ৰোধৰ মাজতে। বৰষুণৰ পানী সংৰক্ষণ প্ৰণালী (Rainwater Harvesting) নগৰৰ প্ৰতিটো নতুন নির্মাণত বাধ্যতামূলক কৰাৰ দৰে নীতি গ্ৰহণ কৰাটোও সময়ৰ দাবী।
নাগৰিকৰ ভূমিকাও ইয়াত সমান গুৰুত্বপূৰ্ণ। নিকাশী পথত আবৰ্জনা নেপেলাই,জলভূমি আৰু খাল দখল নকৰি,পৰিৱেশ সংৰক্ষণৰ প্ৰতি দায়বদ্ধ মনোভাৱ গঢ়ি তুলাতো নাগৰিক দায়িত্বৰ আধাৰ। নগৰৰ উন্নয়ন কেৱল ৰাজপথ,বাণিজ্যিক সংস্থাপন বা বহুতলীয়া আবাসগৃহৰে পৰিমাপ কৰিব নোৱাৰি;ই পৰিমাপ কৰিব লাগিব নাগৰিকৰ জীৱনৰ সুৰক্ষা আৰু পৰিৱেশৰ সৈতে মিলি চলাৰ সক্ষমতাৰ দ্বাৰা।
গুৱাহাটী আজি এক সন্ধিক্ষণত আছে। একেদৰে প্ৰগতি আৰু বিপৰ্যয়ৰ পথৰ মাজত। যদি উন্নয়নক প্ৰকৃতিৰ বিপক্ষে ৰাখি আগবঢ়োৱা হয়,তেন্তে এই চহৰ বানপানীৰ চক্রৰ পৰা মুক্তি পাব নোৱাৰে। কিন্তু যদি পৰিকল্পিত নগৰায়ণ,প্ৰাকৃতিক সম্পদৰ পুনৰুদ্ধাৰ আৰু নাগৰিকৰ সচেতনতা একেলগে আগবাঢ়ে,তেন্তে গুৱাহাটী পুনৰ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ সৈতে উন্নয়নক একেলগে আগবঢ়াব পাৰে।
বানপানীৰ ছাঁ যেতিয়া নগৰৰ বুকুৰ পৰা আঁতৰি যাব, তেতিয়া গুৱাহাটী সত্যতে এক নতুন জন্ম লাভ কৰিব—যেন ব্ৰহ্মপুত্ৰৰ ঢৌৰ মাজত জীৱনৰ এক নতুন গীত ধ্বনিত হ’ব।
Leave a comment