
জামুগুৰিহাটৰ চামধৰা ৰাজ্যিক পশু চিকিৎসালয় চৌহদত আজি পদ্মপুৰ মিলিজুলি সংঘৰ উদ্যোগত উত্তৰ নদুৱাৰ মণ্ডল যুৱ মৰ্চা আৰু ছিলাবন্ধা পঞ্চায়তৰ সহযোগত পৰিৱেশ নিকাকৰণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
এই উপলক্ষে সংঘৰ বিষয়ববীয়া, সদস্যসকলৰ লগতে যুৱ মৰ্চা আৰু পঞ্চায়ত সদস্যসকলে পুৱা চামধৰা পশু চিকিৎসালয় চৌহদত চাফাই অভিযান চলাই পৰিৱেশ নিকাকৰণৰ ব্যৱস্থা কৰে। লগতে মূল্যৱান গছৰ পুলি ৰোপণৰ ব্যৱস্থাও গ্ৰহণ কৰে।
উক্ত কাৰ্যসূচীৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই, এটি মূল্যৱান গছ পুলি ৰোপণৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে।
ইয়াৰ পিছতে অনুষ্ঠিত ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে, বৃক্ষৰোপণ এক মহৎ কাৰ্য। গছ থাকিলেহে মানুহ থাকিব। আমি প্ৰতিজনে নিজৰ ঘৰৰ চৌহদত বৃক্ষৰোপণ কৰাটো প্ৰয়োজন। গছৰ পুলি কেৱল ৰুলে নহয়, আমি এই গছৰ পুলি সমূহক নিজৰ সন্তানৰ দৰে লালন-পালন কৰিবও লাগিব বুলি তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক গৰাকীয়ে।
অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে পশু চিকিৎসা বিষয়াগতা ডাঃ মাধুৰিমা ভাজুনি, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ উপসভানেত্ৰী মামনি শইকীয়া, যুৱ মৰ্চাৰ সভাপতি ভাষ্কৰ শইকীয়া, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্য ৰাজু চিন্তেই আৰু ধলাইবিল ক্ৰীড়া সংস্থাৰ সভাপতি বুলু আহমেদ।
Leave a comment