Home General ভনীয়েকৰ বিয়ালৈ গৈ ঘৰত থাকোতেই অসম আৰক্ষীত কৰ্মৰত ভাতৃয়ে সাৱটিলে কৰুণ মৃত্যু
General

ভনীয়েকৰ বিয়ালৈ গৈ ঘৰত থাকোতেই অসম আৰক্ষীত কৰ্মৰত ভাতৃয়ে সাৱটিলে কৰুণ মৃত্যু

Share
ভনীয়েকৰ বিয়ালৈ গৈ ঘৰত থাকোতেই অসম আৰক্ষীত কৰ্মৰত ভাতৃয়ে সাৱটিলে কৰুণ মৃত্যু
Share

ভনীয়েকৰ বিয়ালৈ মাজত আছিল মাত্ৰ ৭ দিন । আৰু এক নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ’ল ভাতৃক । বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ উত্তৰকুছিত এই ঘটনাই শোকাকুল কৰি তুলিছে ৰাইজক। নিজ ভনীয়েকৰ বিয়াৰ বাবে যো-জা কৰি থাকোতেই মৃত্যুক সাবটি ল’লে ভাতৃয়ে
ইতিমধ্যে বিয়াৰ সম্পূৰ্ণ হৈ উঠিছিল সকলো যা-যোগাৰ। কিন্তু হঠাতে পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিশা। আকস্মিকভাবে মৃত্যু ঘটিল একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকীৰ।
উত্তৰকুছিৰ কৃষ্ণ বাহাদুৰ লামাই ভনীয়েকৰ বিয়াৰ বাবে ঘৰলৈ গৈছিল ২১ দিনৰ ছুটিত। লগতে কৃষ্ণ বাহাদুৰ লামাই ভনীয়েকৰ বিয়াৰ বাবে সম্পূৰ্ণ কৰি তুলিছিল সকলো ধৰণৰ যা-যোগাৰ। কিন্তু ২৬ ফেব্ৰুৱাৰীৰ দিনা হঠাৎ অসুস্থ হৈ পৰে কৃষ্ণ লামা।
ঘৰৰ লোকে প্ৰথমে ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও অৱস্বা সংকটজনক হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আধাবাটতে মৃত্যুক আকোঁৱালি লয় কৃষ্ণই। যাৰ ফলত এতিয়া উত্তৰকুছিৰ ঘৰখনত সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশ।
বৰ্তমান শোঁকত ভাগি পৰিছে পৰিয়ালৰ লোকসকল । নিজৰ ভনীয়েকৰ বিয়াৰ প্ৰস্তুতি চলাই হঠাতে চিৰদিনৰ বাবে পৃথিৱীৰ পৰা আঁতৰি গুচি গ’ল কৃষ্ণ বাহাদুৰ লামা। উপভোগ কৰিবলৈ নাপালে হেপাহৰ ভনীয়েকৰ বিয়া। আজি পুৱা অসম আৰক্ষী বেটেলিয়নৰ জোৱানজনৰ মৃতদেহটো ঘৰ আহি পোৱা পাছতেই ৰাইজৰ উপস্থিতিত সম্পন্ন কৰা হয় অন্ত্যেষ্টিক্ৰিয়া।

ভনীয়েকৰ বিয়ালৈ গৈ ঘৰত থাকোতেই অসম আৰক্ষীত কৰ্মৰত ভাতৃয়ে সাৱটিলে কৰুণ মৃত্যু
Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *