পিংক ছল্ট বা হিমালয়ান পিংক ছল্ট নামটো বহুতে শুনিছে। ইয়াক সাধাৰণ নিমখৰ পৰা অলপ ভিন্ন ধৰণেৰে দেখা যায়—ই গোলাপী ৰঙৰ হয় আৰু ই প্ৰাকৃতিকভাৱে খনিজ সমৃদ্ধ। এই নিমখবিধ মূলত পাকিস্তানৰ হিমালয় অঞ্চলৰ খেৱৰা নিমখ খনিৰ পৰা আহৰণ কৰা হয়। বহুতেই এতিয়া এই পিংক ছল্ট নিজৰ দৈনন্দিন খাদ্যত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ, উপকাৰিতা আৰু কিছু সাৱধানতা জনাটো অতি প্ৰয়োজন।
পিংক ছল্ট কেতিয়া আৰু কেনেদৰে খোৱা উচিত? পিংক ছল্ট আহাৰৰ সৈতে বেলেগকৈ বেছি কিছু কৰিবলগীয়া নাই। সাধাৰণৰূপে, যিবোৰ খাদ্যত আপুনি সাধাৰণ নিমখ দিয়া অভ্যস্ত, সেইবোৰতেই আপুনি পিংক ছল্ট ব্যৱহাৰ কৰিব পাৰে — যেনে তৰকাৰী, ডাইল, চাউল, মাছ-মাংস অথবা চালাদত। অথবা পানীৰ সৈতে পিংক ছল্ট মিহলাই ৰাতিপুৱা খালী পেটত “sole water” হিচাপে খালেও বহু পৰিমাণে ভাল। ই শৰীৰত পানীৰ সমতা বজাই ৰাখিবলৈ সহায় কৰে।
পিংক ছল্টত আছে প্ৰায় ৮০ ৰো অধিক খনিজ — যেনে আয়ৰণ, মেগনেছিয়াম, কেলচিয়াম, পটাচিয়াম আদি, যিবোৰ আমাৰ শৰীৰৰ গঠন আৰু কাৰ্যক্ষমতা বজাই ৰাখিবলৈ সহায় কৰে। এই নিমখ হজম শক্তি উন্নত কৰাত, শৰীৰৰ ক্লান্তি কমাবলৈ আৰু পানীৰ সমতা ঠিক ৰাখিবলৈ সহায় কৰে বুলি বিশ্বাস কৰে। ঘৰুৱা উপচাৰ হিচাপেও পিংক ছল্টক গৰম পানীৰ সৈতে খোৱা, বা গা-ধোৱা পানীত মিহলাই ব্যৱহাৰ কৰা দেখা যায়। ই গাঁঠিৰ বিষ, আৰু নানান ধৰণৰ বেদনা কমাবলৈ সহায়ক বুলি কোৱা হয়।
তথাপি, যিকোনো বস্তুৰ দৰে পিংক ছল্টৰ ক্ষেত্ৰতো “অতি সৰ্বনাশ” কথাটো মনত ৰাখিব লগীয়া। এই নিমখবিধত সাধাৰণ নিমখৰ দৰে ছডিয়াম থাকে, যাৰ অধিক পৰিমাণে গ্ৰহণ কৰিলে উচ্চ ৰক্তচাপ, কিডনীৰ সমস্যা বা ডিহাইড্ৰেশ্যনৰ দৰে সমস্যা হ’ব পাৰে। বিশেষকৈ যিসকলৰ উচ্চ ৰক্তচাপ আছে, তেঁওলোকে ইচ্ছা কৰিলে এই নিমখ ব্যৱহাৰ কৰিব পাৰে, কিন্তু চিকিৎসকৰ পৰামৰ্শ লোৱা শ্রেয়।
সঁচাকৈয়ে, পিংক ছল্ট এবিধ স্বাস্থ্য-সন্মত বিকল্প হ’ব পাৰে যদি ইয়াক সচেতনভাৱে আৰু সীমিত পৰিমাণতে গ্ৰহণ কৰা হয়। ইয়াৰ ৰঙে আপোনাক আকৰ্ষণ কৰিব পাৰে, কিন্তু তাৰ ওপৰত নহয়—আপোনাৰ স্বাস্থ্যই হ’ব আপোনাৰ প্ৰথম প্ৰাধান্য। সেয়ে, স্বাভাৱিক আৰু সুস্থ জীৱনৰ বাবে সঠিক নীতিৰে আৰু সজাগভাৱে পিংক ছল্টৰ ব্যৱহাৰ কৰাটোৱেই হ’ব সঠিক পথ।
Leave a comment