Home TECH দৈনন্দিন জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ
TECH

দৈনন্দিন জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ

Share
দৈনন্দিন জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ
Share

কৃত্ৰিম বুদ্ধিমত্তা (AI) অৰ্থাৎ আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চে ২০২৫ চনত মানুহৰ দৈনন্দিন জীৱনত এক গভীৰ প্ৰভাৱ পেলাইছে। আগতে যি বস্তুসমূহক কল্পনা হিচাপে ধৰা হৈছিল, আজি সেইবোৰ বাস্তৱ হৈ পৰিছে। সাধাৰণতে যেনে;

১. ঘৰ আৰু ব্যক্তিগত জীৱনত AI

আজিকালি বহু ঘৰেই “Smart Home” হৈ পৰিছে। AI-চালিত সহায়কৰ (যেনে Alexa, Google Assistant) সহায়ত মানুহে মোবাইল বা কণ্ঠস্বৰে ঘৰৰ লাইট, ফেন, টিভি নিয়ন্ত্ৰণ কৰিব পাৰিছে। তদুপৰি, AI চিস্টেমে ঘৰখনৰ সুৰক্ষা ব্যৱস্থাও অধিক উন্নত কৰিছে – যেনে মুকলি-বন্ধ দুৱাৰ চাবি, মুখ চিনাক্তকৰণ, চমুতে এক ‘Digital Guard’ বুলি কোৱা হয়।

২. স্বাস্থ্য সেৱাত AI ৰ অৱদান

স্বাস্থ্য ক্ষেত্ৰতো AI এ এক বিপ্লৱ আনিছে, ২৫ চনত কিছুমান AI ভিত্তিক মোবাইল এপৰ সহায়ত ৰোগ চিনাক্তকৰণ, ডায়েট পৰামৰ্শ, আৰু সুৰক্ষা ব্যৱস্থা দিয়া হয়। চিকিৎসকে AI ৰ সহায়ত ৰোগীৰ হাৰ্টৰ অৱস্থা, ব্লাড প্ৰেশাৰ বা ডায়বেটিছ পৰ্যবেক্ষণ কৰি অধিক সঠিক চিকিৎসা দিব পাৰিছে।

৩. শিক্ষা ক্ষেত্ৰত AI

শিক্ষা ক্ষেত্ৰতো AI ৰ ভূমিকা দ্ৰুতগতিত বৃদ্ধি পাইছে। কৃত্ৰিম বুদ্ধিমত্তাই ই-শিক্ষাৰ সহায়ক হিচাপে কাম কৰি আছে – যিয়ে ছাত্ৰ-ছাত্ৰীলৈ ব্যক্তিগত অভিজ্ঞতা, মুকলি আলোচনা আৰু বিভিন্ন ভাষাত শিক্ষাৰ সুবিধা দিছে। AI চিস্টেমে শিক্ষকৰ কাম কিছু পৰ্যন্ত সহজ কৰি তুলিছে।

৪. ব্যৱসায় আৰু কৰ্মসংস্থাপন

বহু প্ৰতিষ্ঠানে AI ব্যৱহাৰ কৰি গ্রাহকৰ ডাটা বিশ্লেষণ কৰি আছে। AI ৰ সহায়ত গ্ৰাহকৰ আচৰণ বুজি মাৰ্কেটিং কৌশল নিৰ্ধাৰণ কৰা হৈছে। একেটা সময়তে, বহু সাধাৰণ চাকৰি AI এ স্থান লৈছে – বিশেষকৈ ডাটা এণ্ট্রি, কাষ্টমাৰ কেয়াৰ আদি ক্ষেত্ৰত।

৫. জীৱনৰ সহজীকৰণ

গাড়ী, ৰেল, বা উবেৰ চিস্টেমত AI প্ৰযুক্তিৰে ভ্ৰমণ অধিক সুৰক্ষিত আৰু সঠিক সময়ত কৰিব পৰা হৈছে। AI-ৰ সহায়ত মোবাইল এপে আমাৰ খাদ্য অর্ডাৰ, অনলাইন লেনদেন, আৰু নিউজ চেকিং সহজ কৰি তুলিছে।

উপসংহাৰ :

২০২৫ চনত AI কেৱল বিজ্ঞানৰ অংশ নহয়, বৰং আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংশ হৈ পৰিছে। যদিও এই প্ৰযুক্তিয়ে মানুহৰ জীৱন সহজ আৰু সুবিধাজনক কৰিছে, তেন্তে ইয়াৰ ভুল ব্যৱহাৰ, চাকৰি হেৰোৱাটো বা ব্যক্তিগত তথ্যৰ সুৰক্ষা যেন বিষয়বোৰেও মনত ৰাখিব লাগিব। AI ৰ সচেতন আৰু নৈতিক ব্যৱহাৰেই ভবিষ্যতৰ সঠিক দিশ প্ৰদান কৰিব।

Share

Leave a comment

Leave a Reply

Your email address will not be published. Required fields are marked *