সহজ পৰিৱৰ্তনৰ জৰিয়তে খোৱাৰ অভ্যাস উন্নত কৰক। প্ৰসেস্ড খাদ্য়ৰ সলনি পুষ্টিত ভৰপূৰ খাদ্য গ্ৰহণ কৰি আপোনাৰ শৰীৰ, মন আৰু স্বাস্থ্যত হোৱা পাৰ্থক্য় অনুভৱ কৰক।
১. কোক ➡️নেমু পানী
কোকৰ সলনি নেমু পানী খালে চেনিৰ পৰিমাণ কমাব, দেহৰ পানী যোগান উন্নত কৰিব, আৰু সামগ্ৰিক স্বাস্থ্যত সহায় কৰিব।
২. চিপচ ➡️পপকৰ্ণ
চিপচৰ সলনি পপকৰ্ণ খালে চর্বী বা স্নেহ পদার্থ কম পাব, আঁহৰ পৰিমাণ বৃদ্ধি পায় আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰে।
৩. ভুজিয়া ➡️ মাখনা
ভুজিয়াৰ সলনি মাখনা খাওক খালে ই কম চেনি, কম লবণ আৰু বেছি আঁহ দিয়ে, যি এটা স্বাস্থ্যসম্মত স্নেক বিকল্প।
৪. ৰিয়েল পেকেত জুচ ➡️ ফল-মূলৰ ৰস
ৰিয়েল জুচৰ সলনি ফল-মূলৰ ৰস খাওক, ইয়াত থাকে বেছি আঁহ, কম চেনি আৰু প্ৰয়োজনীয় পুষ্টি।
5. মিঠাই ➡️ ডাৰ্ক চক’লেট
মিঠাইৰ সলনি এটা ডাৰ্ক চক’লেটৰ টুকুৰা বা ফল-মূল খাওক। ডাৰ্ক চক’লেটত থাকে এনটিঅ’ক্সিডেণ্ট আৰু ফলত থাকে প্ৰাকৃতিক চেনি আৰু ভিটামিন।
6. আইচক্ৰীম ➡️ গ্ৰীক যোগাৰ্ট
আইচক্ৰীমৰ সলনি গ্ৰীক যোগাৰ্ট খালে ই চেনি কমায়, প্ৰটিন বৃদ্ধি কৰে আৰু পাচনত সহায় কৰে।
💡আজিৰ পৰাই আৰম্ভ কৰক এই সহজ সলনিবোৰ আৰু অনুভৱ কৰক আপোনাৰ শৰীৰ আৰু মনত হোৱা সলনি। সুস্থ জীৱন — সঠিক খাদ্য়ৰ পৰা আৰম্ভ হয়।🥦

Leave a comment